দুলাল পালৰ মৃতদেহ চমজি নল’লে NRC-ৰ পৰা পৰিয়ালটোৰ নাম কাটি দিয়াৰ ভাবুকি

Dulal-Paul-750x375

ঘোষিত বিদেশী হিচাপে ডিটেনশ্যন কেম্পত বন্দিত্বৰ মাজতে চিকিৎসাধীন অৱস্থাত যোৱা ১৩ অক্টোবৰত মৃত্যু হোৱা দুলাল পালৰ মৃতদেহ এতিয়ালৈকে চমজি ল’বলৈ পৰিয়ালে অস্বীকাৰ কৰি আহিছে।

পৰিয়ালৰ এনে আঁকোৰগোঁজ স্থিতি চৰকাৰৰ বাবে এটা উদ্বেগৰ বিষয় হৈ পৰিছে।

ইয়াৰ মাজতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৯ অক্টোবৰত বাঙালী সংগঠন বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিনিধি আৰু পালৰ এজন আত্মীয়ৰ সৈতে এখন বৈঠকত বহিছিল আৰু মৃতদেহটো চমজি ল’বলৈ অনুৰোধ জনাইছিল।

কিন্তু ইয়াৰ পাছতো পৰিয়ালৰ লোকে দুলাল পালৰ মৃতদেহ চমজি ল’বলৈ আগবাঢ়ি অহা নাই।

ইপিনে, বিষয়টোক লৈ শলঠেকত পৰা চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এটা বাঙালী সংগঠন।

বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নামৰ সংগঠনটোৰ সভাপতি দীপক দে আৰু তেওঁৰ সহযোগীসকলে পৰিয়ালটোক মৃতদেহটো চমজি লোৱাৰ বাবে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে।

পৰিয়ালৰ পৰা জানিব পৰা মতে, দে আৰু তেওঁৰ সহযোগীসকলে পৰিয়াল তথা আত্মীয়সকলক ভাবুকি দি কৈছে যে তেওঁলোকে পালৰ মৃতদেহটো চমজি নল’লে তেওঁলোকৰ সকলোৰে নাম এন আৰ চিৰ পৰা কাটি দিয়া হ’ব।

কেৱল সেয়াই নহয়, মৃতদেহ চমজি নল’লে পৰিয়ালৰ লগতে চুবুৰীয়া সকলোৰে নাম এন আৰ চিৰ পৰা কাটি দিয়া হ’ব বুলিও ভাবুকি দিছে।

বাঙালী সংগঠনটোৰ এনে ভাবুকিত স্বাভাৱিকতে শংকিত হৈ পৰিছে পৰিয়ালটোৰ লগতে আত্মীয় স্বজন তথা চুবুৰীয়া লোকসকল।

চৰকাৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা সংগঠনটোৱে যেনেতেনে প্ৰকাৰে মৃতদেহটো পৰিয়ালক গতাই দি চৰকাৰক সকাহ দিয়াৰ লগতে নিজৰ স্বাৰ্থ পূৰণত ব্যস্ত হৈ পৰিছে।

আনহাতে, এই সন্দৰ্ভত আন দল সংগঠনবোৰে নিৰৱ ভূমিকা পালন কৰাহে দেখা গৈছে। যাৰ বাবে অখ্যাত এটা বাঙালী সংগঠনে এন আৰ চিৰ পৰা নাম কাটি দিয়াৰ দৰে ভাবুকিৰে পৰিয়ালটোৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে বৃক্কজনিত আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ জি এম চি এইচ্ছত মৃত্যু হোৱা পালৰ মৃতদেহ এতিয়াও চিকিৎসালয়খনৰ মৰ্গতে পৰি আছে।

পৰিয়ালে মৃতদেহটো চমজি ল’বলৈ অস্বীকাৰ কৰি কৈছিল যে যদিহে তেওঁ বাংলাদেশী আছিল, চৰকাৰে মৃতদেহ বাংলাদেশলৈ প্ৰেৰণ কৰক।

দুলাল পালৰ ঘৰ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ আলিচিঙা গাঁৱত আৰু ৬৫ বছৰীয়া পালক ২০১৭ চনৰ ১১ অক্টোবৰত আটক কৰি ডিটেনশ্যন কেম্পলৈ অনা হৈছিল। পৰিয়ালৰ মতে, তেওঁ মানসিকভাৱে সম্পূৰ্ণ সুস্থ নাছিল।

মুখ্য মন্ত্ৰীয়ে পালৰ পৰিয়ালক ন্যায় দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱস্থা ল’ব বুলি আশ্বাস দিছিল যদিও বাঙালী সংগঠনটোৱে ভাবুকিৰে মৃতদেহ চমজি লোৱাৰ বাবে হেচা দিয়া ঘটনাই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।