• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুলাল পালৰ মৃতদেহ চমজি নল’লে NRC-ৰ পৰা পৰিয়ালটোৰ নাম কাটি দিয়াৰ ভাবুকি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2019 12:00 pm
Dulal-Paul-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘোষিত বিদেশী হিচাপে ডিটেনশ্যন কেম্পত বন্দিত্বৰ মাজতে চিকিৎসাধীন অৱস্থাত যোৱা ১৩ অক্টোবৰত মৃত্যু হোৱা দুলাল পালৰ মৃতদেহ এতিয়ালৈকে চমজি ল’বলৈ পৰিয়ালে অস্বীকাৰ কৰি আহিছে।

পৰিয়ালৰ এনে আঁকোৰগোঁজ স্থিতি চৰকাৰৰ বাবে এটা উদ্বেগৰ বিষয় হৈ পৰিছে।

Apply Now

ইয়াৰ মাজতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৯ অক্টোবৰত বাঙালী সংগঠন বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিনিধি আৰু পালৰ এজন আত্মীয়ৰ সৈতে এখন বৈঠকত বহিছিল আৰু মৃতদেহটো চমজি ল’বলৈ অনুৰোধ জনাইছিল।

কিন্তু ইয়াৰ পাছতো পৰিয়ালৰ লোকে দুলাল পালৰ মৃতদেহ চমজি ল’বলৈ আগবাঢ়ি অহা নাই।

ইপিনে, বিষয়টোক লৈ শলঠেকত পৰা চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এটা বাঙালী সংগঠন।

বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নামৰ সংগঠনটোৰ সভাপতি দীপক দে আৰু তেওঁৰ সহযোগীসকলে পৰিয়ালটোক মৃতদেহটো চমজি লোৱাৰ বাবে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে।

পৰিয়ালৰ পৰা জানিব পৰা মতে, দে আৰু তেওঁৰ সহযোগীসকলে পৰিয়াল তথা আত্মীয়সকলক ভাবুকি দি কৈছে যে তেওঁলোকে পালৰ মৃতদেহটো চমজি নল’লে তেওঁলোকৰ সকলোৰে নাম এন আৰ চিৰ পৰা কাটি দিয়া হ’ব।

কেৱল সেয়াই নহয়, মৃতদেহ চমজি নল’লে পৰিয়ালৰ লগতে চুবুৰীয়া সকলোৰে নাম এন আৰ চিৰ পৰা কাটি দিয়া হ’ব বুলিও ভাবুকি দিছে।

বাঙালী সংগঠনটোৰ এনে ভাবুকিত স্বাভাৱিকতে শংকিত হৈ পৰিছে পৰিয়ালটোৰ লগতে আত্মীয় স্বজন তথা চুবুৰীয়া লোকসকল।

চৰকাৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা সংগঠনটোৱে যেনেতেনে প্ৰকাৰে মৃতদেহটো পৰিয়ালক গতাই দি চৰকাৰক সকাহ দিয়াৰ লগতে নিজৰ স্বাৰ্থ পূৰণত ব্যস্ত হৈ পৰিছে।

আনহাতে, এই সন্দৰ্ভত আন দল সংগঠনবোৰে নিৰৱ ভূমিকা পালন কৰাহে দেখা গৈছে। যাৰ বাবে অখ্যাত এটা বাঙালী সংগঠনে এন আৰ চিৰ পৰা নাম কাটি দিয়াৰ দৰে ভাবুকিৰে পৰিয়ালটোৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে বৃক্কজনিত আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ জি এম চি এইচ্ছত মৃত্যু হোৱা পালৰ মৃতদেহ এতিয়াও চিকিৎসালয়খনৰ মৰ্গতে পৰি আছে।

পৰিয়ালে মৃতদেহটো চমজি ল’বলৈ অস্বীকাৰ কৰি কৈছিল যে যদিহে তেওঁ বাংলাদেশী আছিল, চৰকাৰে মৃতদেহ বাংলাদেশলৈ প্ৰেৰণ কৰক।

দুলাল পালৰ ঘৰ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ আলিচিঙা গাঁৱত আৰু ৬৫ বছৰীয়া পালক ২০১৭ চনৰ ১১ অক্টোবৰত আটক কৰি ডিটেনশ্যন কেম্পলৈ অনা হৈছিল। পৰিয়ালৰ মতে, তেওঁ মানসিকভাৱে সম্পূৰ্ণ সুস্থ নাছিল।

মুখ্য মন্ত্ৰীয়ে পালৰ পৰিয়ালক ন্যায় দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱস্থা ল’ব বুলি আশ্বাস দিছিল যদিও বাঙালী সংগঠনটোৱে ভাবুকিৰে মৃতদেহ চমজি লোৱাৰ বাবে হেচা দিয়া ঘটনাই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd