হাই ভল্টেজ ছেমি ফাইনেলত আজি নৰ্থ-ইষ্ট য়ুনাইটেড বনাম বেংগালুৰু এফ চি

নৰ্থ-ইষ্ট য়ুনাইটেডৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

চলিত ছিজনত দমনীয় প্ৰদৰ্শন আগবঢ়াই ছেমি ফাইনেললৈ অগ্ৰগতি লাভ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত বেংগালুৰু এফ চিৰ মুখামুখি হ’ব। লীগ পৰ্য্যায়ত পইণ্ট তালিকাত চতুৰ্থ স্থানত থকা নৰ্থ-ইষ্ট য়ুনাইটেডে আজি বেংগালুৰুৰ বিৰুদ্ধে ঘৰুৱা দৰ্শকৰ সমৰ্থনত আত্মবিশ্বাসেৰে অৱতীৰ্ণ হ’ব।

আনহাতে, নৰ্থ-ইষ্টৰ য়ুনাইটেডৰ ছেমি ফাইনেল খেলখনলৈ লক্ষ্য ৰাখি আয়োজক সমিতিয়ে টিকটৰ মূল্য ১০০ টকা ৰেহাই দিছে। এতিয়া নৰ্থ ষ্টেণ্ডৰ টিকটৰ মূল্য ২৫০ টকাৰ পৰিৱৰ্তে ১৫০ টকাতে লাভ কৰিব ফুটবল প্ৰেমীসকলে। আজিৰ খেলখন যথেষ্ট গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে নৰ্থ-ইষ্ট য়ুনাইটেডৰ বাবে কাৰণ খেলখনত জয়ী হ’ব পাৰিলেই ছেমি ফাইনেলৰ দ্বিতীয়খন খেল ড্ৰ ৰাখিলেও ফাইনেললৈ যোগ্যতা অৰ্জনৰ সম্ভাৱনা আছে নৰ্থ-ইষ্টৰ।

নৰ্থ-ইষ্ট য়ুনাইটেড বনাম বাংগালুৰু এফ চি

বেংগালুৰুৰ বিৰুদ্ধে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰি উলিয়াইছে নৰ্থ-ইষ্ট য়ুনাইটেডৰ ডাচ্ছ প্ৰশিক্ষক এলকো স্কাটৰীয়ে। দলত আঘাতৰ সমস্যা থাকিলেও ৰিজাৰ্ভ বেঞ্চৰ শক্তিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে স্কাটৰীৰ। দুৰন্ত ফৰ্মত থকা অধিনায়ক অগাবেচৰ প্ৰদৰ্শনে দলৰ জয়-পৰাজয়ত মুখ্য ভূমিকা পালন কৰিব বুলি খেল প্ৰেমী সকলে আশা কৰিছে।

অধিনায়ক অগাবেচেও অসম আৰু নৰ্থ-ইষ্টৰ দৰ্শক সকলক ষ্টেডিয়াম পৰিপূৰ্ণ কৰি তুলি দলৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে আহ্বান জনাইছে। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেলখন।