NORTHEAST NOW (Assamese)

কৃত্ৰিম বানৰ পাৰ্শ্বক্ৰিয়াঃ তথ্য প্ৰযুক্তিৰ ৰাজধানী বাংগালুৰুত প্ৰশাসনৰ বুলডোজাৰে মহতিয়াই নিলে বহু বাসভৱন

September 14, 2022 8:00 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: September 14, 2022 8:08 pm

মাত্ৰ কেইঘণ্টামানৰ বৰষুণৰ পিছতে এবুকু পানীত বুৰ যোৱা বাংগালুৰুত চলিল প্ৰসআসনৰ বুলডোজাৰ।
বাংগালুৰুৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে কৰ্ণাটকৰ চৰকাৰে সকলো অবৈধ নিৰ্মাণ ধ্বমস কৰিবলৈ চলাই গৈছে উচ্ছেদ অভিযান।

 বাংগালুৰু মহানগৰ পালিকাই চহৰ খনৰ বেদখল মুক্ত কৰিবলৈ বুলডজাৰেৰেৰে অভিযান আৰম্ভ কৰিছে। প্ৰশাসনে কেইবাটাও স্থান চিনাক্ত কৰিছে, যিবোৰে বৰষুণৰ পানীৰ প্ৰবাহক ৰুদ্ধ কৰি বানৰ সৃষ্টি কৰে। প্ৰশাসনে বাংগালুৰুত হোৱাবানপানীক এনে ধৰণৰ বেদখলৰ বাবে হোৱা বুলি ধাৰণা কৰিয়েই উচ্ছেদ অভিযান চলাই গৈছে।উল্লেখ্য শেহতীয়াকৈ মুষলধাৰ বৰষুণৰ বাবে বাংগালুৰু চহৰ ভয়ংকৰ বানপানীত প্লাবিত হৈছিল।

শেহতীয়াকৈ কৃষ্ণা, ভদ্ৰ, তুঙ্গা, ভীম, ঘাটপ্ৰভা, মালাপ্ৰভা, মাৰ্কন্দেয় হিৰণ্যকেশী আৰু আন কেইবাখনো সৰু নদীৰ জলপৃষ্ঠ বিপজ্জনক ভাবে বৃদ্ধি পাইছে।

দেশৰ তথ্য প্ৰযুক্তিৰ ৰাজধানী বাংগালুৰুৰ কেইবাটাও অঞ্চলত মুষলধাৰ বৰষুণৰ ফলত হোৱা বানৰ ফলত বৃহৎ লোকচান হৈছিল।উচ্ছেদ সন্দৰ্ভত বেদখল বিৰোধী অভিযানৰ সৈতে জড়িত বিবিএমপিৰ এগৰাকী বিষয়াই কয় যে চৰকাৰে আগবাঢ়ি গৈছে আৰু কাকো এৰি দিয়াৰ কোনো প্ৰশ্নই নুঠে, তেওঁলোক যিমানেই “শক্তিশালী” নহওঁক কিয়।
ইপিনে চহৰ খনৰ একাংশ আৱাসীয়ে অভিযোগ কৰিছে যে কেৱল দৰিদ্ৰ লোকসকলকহে উচ্ছেদৰ লক্ষ্য কৰি লোৱা হৈছে।

“শক্তিশালী” লোকসকলক ধ্বংস অভিযানৰ পৰা বাদ দিয়াৰ অভিযোগৰ মাজতে বাসৱৰাজ বোম্মাই নেতৃত্বাধীন কৰ্ণাটক চৰকাৰে দাবী কৰিছে যে উচ্ছেদৰ ক্ষেত্ৰত কোনো পক্ষপাতিত্ব প্ৰদৰ্শন কৰা নহ’ব আৰু সকলো অবৈধ গাঁথনি ধ্বংস কৰা হ’ব ।

কৰ্ণাটকৰ ৰাজহ মন্ত্ৰী আৰ অশোকাই কৈছে যে ‘নিৰন্তৰভাৱে’ অবৈধ নিৰ্মাণ ধ্বংস কৰা হৈছে।
ৰাজহ মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে তেওঁ সংশ্লিষ্ট বিষয়াসকলক বিবিএমপিৰ সৈতে একেলগে কাম কৰি যাবলৈ নিৰ্দেশ দিছে।নেৰানেপেৰা বৰষুণৰ ফলত কৰ্ণাটকৰ কেইবাখনো নদীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। চুবুৰীয়া মহাৰাষ্ট্ৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বাংগালুৰুত পুনৰ বানৰ কৱলত পৰাৰ আশংকা কৰা হৈছে।

Related News