বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য

বেংগালুৰুত যোৱা শুকুৰবাৰে সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। চহৰখনৰ কে পি আগৰাহৰা অঞ্চলত সংঘটিত এই হত্যাকাণ্ডৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছিল।

এই ভিডিঅ’টোত তিনিগৰাকী পুৰুষ আৰু তিনিগৰাকী মহিলাই এটা শিলেৰে এগৰাকী যুৱকৰ মূৰত বাৰে বাৰে আক্ৰমণ কৰি হত্যা কৰা দেখিবলৈ পোৱা গৈছে।

যোৱা শুকুৰবাৰে মাজনিশাই এই হত্যাকাণ্ড সংঘটিত হৈছিল যদিও আজি ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতহে পোহৰলৈ আহে এই ঘটনা। ভিডিঅ’টোত যুৱকগৰাকীৰ সৈতে ছয়জনীয়া দলটোৱে প্ৰথমে তৰ্কত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে।

কিছুসময়ৰ পাছতে এগৰাকী মহিলাই এটা বিশাল শিল তুলি লৈ যুৱকগৰাকীৰ মূৰত আক্ৰমণ কৰে আৰু আন কেইগৰাকী লোকে যুৱকগৰাকীক মাটিত বাগৰাই ধৰি থকা দেখা গৈছে।

প্ৰায় ১.৪০ মিনিটৰ ভিডিঅ’টোত এইদৰে বাৰে বাৰে আটাইকেইগৰাকী লোকে যুৱকগৰাকীৰ মূৰত শিলেৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে।

জানিব পৰা মতে, এই নৃশংস আক্ৰমণৰ সময়ত যুৱকগৰাকীৰ চিঞৰ শুনি স্থানীয় কিছু লোক ঘটনাস্থলীলৈ ওলাই আহে আৰু আৰক্ষীক খবৰ দিয়ে। যুৱকগৰাকীক পিছত চিকিৎসালয়লৈ লৈ যোৱা যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।

প্ৰকাশিত খবৰ অনুসৰি এই হত্যাকাণ্ডত জড়িত কোনো লোককে আৰক্ষীয়ে এতিয়ালৈকে চিনাক্ত বা গ্ৰেপ্তাৰ কৰা নাই। ভিডিঅ’ ক্লিপটোৰ আধাৰত আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।