বেংগালুৰুৰ ৰ’ক বেণ্ডে জিনিলে হৰ্নবিল ইণ্টাৰনেশ্যনেল ৰ’ক কন্টেষ্ট

Bengaluru Rock band

ফটো : জাষ্টডায়েল

নাগালেণ্ডৰ হৰ্নবিল মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৰ্নবিল ইণ্টাৰনেশ্যনেল ৰ’ক কন্টেষ্টত বেংগালুৰুৰ ৰ’ক বেণ্ড পাৰ্ফেক্ট ষ্ট্ৰেঞ্জাৰ্ছে শ্ৰেষ্ঠ বেণ্ডৰ খিতাপ অৰ্জন কৰে।

প্ৰতিযোগিতাখনত ৯টা ৰ’ক বেণ্ডক পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা পাৰ্ফেক্ট ষ্ট্ৰেঞ্জাৰ্ছক ১০ লাখ টকাৰে পুৰস্কৃত কৰা হয়। ৰ’ক বেণ্ডটোক আনুষ্ঠানিকভাৱে পুৰস্কাৰ প‌্ৰদান কৰে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিওৱে।

আনহাতে স্থানীয় ৰ’ক বেণ্ড য়ু ডি এক্সে প্ৰথম ৰানাৰ আপৰ খিতাপ দখলেৰে পুৰস্কাৰ হিচাপে ৫ লাখ টকা লাভ কৰে। তদুপৰি নাগালেণ্ডৰ আটাইতকৈ প্ৰভাৱশালী বেণ্ড হিচাপেও বিবেচিত হয় য়ু ডি এক্স। প্ৰতিযোগিতাখনৰ দ্বিতীয় ৰানাৰ আপ হিচাপে নিৰ্বাচিত হয় অসমৰ ডিফুৰ এম্বুছ বেণ্ড। পুৰস্কাৰ হিচাপে এম্বুশ্বে লাভ কৰে ৩.৫ লাখ টকা।

ইফালে পাৰ্ফেক্ট ষ্ট্ৰেঞ্জাৰ্ছৰ চালিনী মোহন (শ্ৰেষ্ঠ বেচিষ্ট) আৰু পশ্চিম বংগৰ বিষ্ণু বেণ্ডৰ মিনাংমা লামু টামাঙে (শ্ৰেষ্ঠ ড্ৰামাৰ) হিচাপে ব্যক্তিগত শাখাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়। য়ু ডি এক্সৰ মোৱা নাশ্ব লংকুমেৰে শ্ৰেষ্ঠ গিটাৰিষ্টৰ সন্মান লাভ কৰাৰ লগতে দাৰ্জিলিঙৰ মেৰেকী বেণ্ডৰ লেৱাং দৰ্জীয়ে লাভ কৰে শ্ৰেষ্ঠ ভোকেলিষ্টৰ সন্মান।

আয়োজকৰ পৰা জানিব পৰা অনুসৰি যোৱা ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ২২টা ৰ’ক বেণ্ডে অংশগ্ৰহণ কৰিছিল।