NORTHEAST NOW (Assamese)

২০ বছৰ ধৰি মহিলাৰ পেটৰ ভিতৰত আছিল বেজী! ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ বাংগালুৰুৰ হাস্পতালক

July 23, 2024 9:49 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

২০ বছৰ আগতে মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। কিন্তু চিকিৎসকৰ ভুলত শৰীৰৰ ভিতৰত প্ৰায় ৩.২ চে.মি. দীঘল বেজী এটা ৰৈ গ’ল! ইমান দিনৰ মূৰত সেই ভুলৰ মূল্য ভৰিবলগা হ’ল হাস্পতালখনে। ক্ষতিপূৰণ হিচাপে ৰোগীক পাঁচ লাখ টকা দিব লগা হৈছে।

কৰ্ণাটক গ্ৰাহক সুৰক্ষা আদালতে বীমা কোম্পানীটোক ‘চিকিৎসাৰ গাফিলতি’ৰ বাবে ৰোগীজনক ৫ লাখ টকাৰ জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও গ্ৰাহক সুৰক্ষা আদালতে চিকিৎসালয়খন আৰু আনুষংগিক চিকিৎসক দুজনক ৰোগীজনক ইমান দিনে গোচৰ চলোৱাৰ খৰচৰ বাবে অতিৰিক্ত ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়কঃ স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা আৰু তেওঁৰ প্ৰেমিক

বাতৰি অনুসৰি, ৩২ বছৰীয়া মহিলাগৰাকীৰ নাম পদ্মাৱতী। তেওঁ বাংগালুৰুৰ বাসিন্দা। ২০০৪ চনৰ ছেপ্টেম্বৰ মাহত পদ্মাৱতীৰ স্থানীয় ব্যক্তিগত চিকিৎসালয়ত হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা হয়। একেখন চিকিৎসালয়ৰ পৰাই তেওঁৰ এপেণ্ডিক্স আঁতৰাবলৈও অস্ত্ৰোপচাৰ কৰা হয়।

কিন্তু অস্ত্ৰোপচাৰ সফল হ’লেও পিছদিনাৰ পৰা তেওঁৰ পেটত অসহ্যকৰ বিষ হ’বলৈ ধৰিলে। কিন্তু ডাক্তৰৰ ওচৰলৈ যোৱাৰ পিছত দুই এটা বিষ নিৰাময় ঔষধ দি তেওঁক ডিচচাৰ্জ দিয়া হ’ল।

ইয়াৰ পিছত কেইবাবছৰ ধৰি মহিলাগৰাকীৰ মাজে মাজে পেট আৰু কঁকালৰ বিষ হৈছিল। পূৰ্বৰ চিকিৎসকে দিয়া ঔষধ খাইও যেতিয়া কোনো সকাহ নাপালে, অৱশেষত ২০১০ চনত আন এখন ব্যক্তিগত চিকিৎসালয়ৰ আশ্ৰয় লয়।

লগতে পঢ়কঃ আই এন এছ ব্ৰহ্মপুত্ৰত অগ্নিকাণ্ড! ভীষণ ক্ষতিগ্ৰস্ত, সন্ধানহীন নাৱিক, তদন্তৰ নিৰ্দেশ নৌসেনাৰ

তাতেই পৰীক্ষাত দেখা গ’ল, মহিলাগৰাকীৰ পেটত ৩.২ চে.মি.ৰ বেজী এটা সোমাই আছিল! বেজীটো অস্ত্ৰোপচাৰ কৰি আঁতৰাব লাগে। সুস্থ হৈ উঠাৰ পাছত তেওঁ পূৰ্বৰ চিকিৎসালয়খনৰ নামত গ্ৰাহক সুৰক্ষা বিভাগত গোচৰ ৰুজু কৰে। সেই গোচৰৰ ১৪ বছৰ পিছত আদালতে মহিলাগৰাকীৰ সপক্ষে ৰায় দিয়ে। 

Related News