কুঁহিয়াৰ যদিও ফল নহয় ইয়াক ফলৰ ভিতৰতে ধৰা হয়। কুঁহিয়াৰৰ গছডালক চেপি ৰস উলিওৱা হয় আৰু বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়।
কুঁহিয়াৰৰ এই ৰসো আন ফলৰ ৰসৰ দৰেই উপকাৰী। মিঠা সোৱাদযুক্ত কুঁহিয়াৰৰ ৰসে শৰীৰৰ উষ্ণতা সন্তুলিত কৰি ৰাখে। কুঁহিয়াৰৰ পৰা উৎপাদন কৰা গুৰ দেহৰ বাবে বৰ উপকাৰী। কেঁচাতকৈ পূৰঠ হোৱা কুঁহিয়াৰৰ ৰস বেছি উপকাৰী।
কুহিয়াৰ এবিধ ওখ বহুবৰ্ষজীৱী ক্ৰান্তীয় উদ্ভিদ। ই ‘Poaceae’ উদ্ভিদ পৰিয়ালৰ সদস্য। এই গছৰ কোনো ডালৰ শাখা নাথাকে।
গছডাল ৫ ছেন্টিমিটাৰ পৰ্যন্ত ব্যাসযুক্ত ক্ষীণ আকাৰৰ। গছজোপা ২ৰ পৰা ৮ মিটাৰলৈকে ওখ হʼব পাৰে। ইয়াক মূখ্যত ইয়াৰ গছজোপাৰ বাবেই খেতি কৰা হয়।
ইয়াৰ পাতবোৰ তৰোৱাল আকৃতিৰ দীঘলীয়া।গছজোপাৰ কোনো ডাল নাথাকে যদিও ই কেইবাটাও শাখাত বিভক্ত। এই শাখাবোৰৰ আঙুঠিৰ দৰে সন্ধি অংশৰ পৰা পাতবোৰ গছডালৰ পৰা পৃথক হৈ যায়। গছজোপাই একেবাৰে শিখৰত দীঘল চুলিৰ দৰে লোমযুক্ত এক অংশ বহন কৰে।
গৰমৰ দিনত কুঁহিয়াৰ ৰস খালে কিহৰ বাবে উপকাৰী জানো আহক:-
১)গৰমৰ দিনত প্ৰতিদিনে ২৫০ গ্ৰাম কুঁহিয়াৰ ৰস পান কৰিলে প্ৰখৰ ৰ’দৰ তাপ আৰু লু-বতাহৰ গৰমৰ পৰা ৰক্ষা পাব পাৰি। প্ৰখৰ ৰ’দত ঘূৰিব লগা হ’লে বেছিকৈ যেতিয়া পিয়াহ লাগে তেতিয়া কুঁহিয়াৰ ৰস পান কৰিলে শৰীৰক তৎক্ষনাতে শক্তিৰ যোগান ধৰে আৰু পিয়াহ আঁতৰাই।
২) কুঁহিয়াৰ ৰসৰ লগত গোল নেমুৰ ৰস আৰু নিমখ মিলাই সেৱন কৰিলে হজম প্ৰক্ৰিয়া সবল কৰি তুলে। কুঁহিয়াৰত থকা পটেচিয়ামে পাকস্থলীৰ PH স্তৰ সন্তুলিত কৰি ৰাখে, হজমীৰ ৰস নিষ্কাশনত সহায় কৰে আৰু হজম প্ৰক্ৰিয়াক সুষ্ঠ কৰি ৰাখে। লগতে ই পাকস্থলীত সংক্ৰমণো প্ৰতিহত কৰে।
৩) জণ্ডিচ ৰোগত কুঁহিয়াৰ ৰস বৰ উপকাৰী; কিয়নো ই এলকালাইন প্ৰকৃতিৰ আৰু দেহত ইলেক্ট্ৰলাইটৰ সন্তুলন বজাই ৰখাত সহায় কৰে। এই ৰোগত কুঁহিয়াৰ চোৱাই খাব পাৰিলে অধিক ভাল। এনেকৈ খালে প্ৰস্ৰাৱ চাফা হয় আৰু শেঁতা পৰা হ্ৰাস পায়।
৪)কুঁহিয়াৰত থকা কেলচিয়াম, পটেচিয়াম, মেগনেচিয়াম, লো আৰু মেংগানিজে এই ফলৰ ৰসক এলকালাইন প্ৰকৃতিৰ কৰি তুলে, লগতে ইয়াত থকা flavonoid-য়ে এই ৰসক কেন্সাৰ কোষৰ ৰোধক কৰি তোলে, বিশেষকৈ প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ ক্ষেত্ৰত।
৫) কুঁহিয়াৰ ৰস দিনে ২৫০ গ্ৰাম পান কৰিলে শুক্ৰাণু বৃদ্ধি হয়।
৬) গ্ৰীষ্ম ঋতুত নাকৰ পৰা তেজ ওলালে দিনে দুবাৰ পুৱা, সন্ধ্যা কুঁহিয়াৰ ৰস পান কৰিলে সোনকালে আৰোগ্য হৈ যায়।
৭) কুঁহিয়াৰ ৰস সদায় একোবাৰ খাব পাৰিলে প্ৰসূতিৰ স্তনত গাখীৰ বৃদ্ধি হয়।
৮) হিকটি আহিলে লৰালৰিকৈ কুঁহিয়াৰ ৰস খাই দিলে হিকতি বন্ধ হৈ যায়।
৯) এনিমিয়া ৰোগীক কুঁহিয়াৰ ৰসৰ লগত আমলখি আৰু ডালিমৰ ৰস মৌ মিলাই খুৱালে তেজৰ পৰিমাণ বৃদ্ধি হয় আৰু ভোক বাঢ়ে।
১০) কুঁহিয়াৰৰ ৰসত প্ৰাকৃতিক চেনী থাকে যাৰ glycemic index কম আৰু ই তেজত গ্লুকʼজৰ পৰিমাণ কমাই থোৱাত সহায় কৰে। সেয়ে দেখা যায় যে এক সীমীত পৰিমাণত কুঁহিয়াৰৰ ৰসৰ সেৱন কৰিলে ই মধুমেহ ৰোগীৰ ক্ষেত্ৰত উপকাৰিতা দেখাব পাৰে।
১১) কোষ্টবদ্ধতাত ভোগা ৰোগীয়ে ২৫০ গ্ৰাম কুঁহিয়াৰ ৰসৰ লগত আদা আৰু গোল নেমুৰ ৰস মিলাই দিনে এবাৰকৈ পান কৰিলে কোষ্ঠকাঠিন্য দূৰ হয়।
১২) কুঁহিয়াৰ ৰস ২৫০ গ্ৰামৰ লগত ১০০ গ্ৰাম ডালিমৰ ৰস মিলাই পান কৰিলে তেজৰ অতিসাৰ ৰোগ কমি যায়।
১৩) কুঁহিয়াৰ ৰস প্ৰতিদিনা দুবাৰকৈ এগিলাচ সেৱন কৰিলে পিত্তবিকাৰ নোহোৱা হয় আৰু বমি ভাব আঁতৰ হয়।
১৪) কুঁহিয়াৰ ৰস প্ৰতিদিনে দুবাৰকৈ পান কৰিলে কিডনিৰ পাথৰ গলি আৰু প্ৰস্ৰাৱৰ সৈতে ওলাই যাব পাৰে।
১৫) নেমু ৰস আৰু নাৰিকল পানীৰ সৈতে কুঁহিয়াৰৰ ৰস সেৱন কৰিলে বৃক্কত পাথৰ, Prostatitis, STD (Sexually Transmitted Disease) আৰু UTI (Urinary Tract Infection)ৰ ফলত হোৱা জ্বলা-পোৰাৰ অনুভুতি বহু পৰিমাণে হ্ৰাস হʼব পাৰে।
১৬) সৰু লʼৰা-ছোৱালীয়ে কেঁচা কুহিয়াৰ চুবাই খলে হাড় আৰু দাঁতৰ সুস্থ গঠন আৰু বৃদ্ধিত কুঁহিয়াৰৰ ৰসৰ উপকাৰিতা পৰিলক্ষিত হয়। খনিজ পদাৰ্থৰে সমৃদ্ধ এই কুঁহিয়াৰৰ ৰসে দাঁতত পোকে ধৰাৰ সমস্যাৰ পৰাও পৰিত্ৰাণ দিয়াব পাৰে।
১৭) কুঁহিয়াৰৰ ৰসত Alpha-hydroxy-acid থাকে যিয়ে ছালৰ কোষবোৰক পুনৰোজ্জীৱিত কৰাত সহায় কৰে। ফলত ব্ৰণৰ সমস্যা দূৰ হয়। কুঁহিয়াৰৰ ৰসত antioxidant, phenolic acid আৰু flavonoids থাকে যিবোৰে ছালক কোমত, মসৃন, উজ্বল আৰু সতেজ কৰি ৰাখে।
১৮) কুঁহিয়াৰৰ ৰসত চুক্ৰজৰ উপস্থিতিয়ে ইয়াক ঘাঁ চিকিৎসা কৰাত সহায়ক কৰি তোলে।