• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Benifits of sugarcane: কুঁহিয়াৰ ৰস গৰমৰ দিনত খাই বৰ ভাল লাগে নহয় জানো? জানো আহক তাৰ উপকাৰীতাৰ বিষয়ে

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 22, 2022 7:25 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুঁহিয়াৰ যদিও ফল নহয় ইয়াক ফলৰ ভিতৰতে ধৰা হয়। কুঁহিয়াৰৰ গছডালক চেপি ৰস উলিওৱা হয় আৰু বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়।

কুঁহিয়াৰৰ এই ৰসো আন ফলৰ ৰসৰ দৰেই উপকাৰী। মিঠা সোৱাদযুক্ত কুঁহিয়াৰৰ ৰসে শৰীৰৰ উষ্ণতা সন্তুলিত কৰি ৰাখে। কুঁহিয়াৰৰ পৰা উৎপাদন কৰা গুৰ দেহৰ বাবে বৰ উপকাৰী। কেঁচাতকৈ পূৰঠ হোৱা কুঁহিয়াৰৰ ৰস বেছি উপকাৰী।

Apply Now

কুহিয়াৰ এবিধ ওখ বহুবৰ্ষজীৱী ক্ৰান্তীয় উদ্ভিদ। ই ‘Poaceae’ উদ্ভিদ পৰিয়ালৰ সদস্য। এই গছৰ কোনো ডালৰ শাখা নাথাকে।

গছডাল ৫ ছেন্টিমিটাৰ পৰ্যন্ত ব্যাসযুক্ত ক্ষীণ আকাৰৰ। গছজোপা ২ৰ পৰা ৮ মিটাৰলৈকে ওখ হʼব পাৰে। ইয়াক মূখ্যত ইয়াৰ গছজোপাৰ বাবেই খেতি কৰা হয়।

ইয়াৰ পাতবোৰ তৰোৱাল আকৃতিৰ দীঘলীয়া।গছজোপাৰ কোনো ডাল নাথাকে যদিও ই কেইবাটাও শাখাত বিভক্ত। এই শাখাবোৰৰ আঙুঠিৰ দৰে সন্ধি অংশৰ পৰা পাতবোৰ গছডালৰ পৰা পৃথক হৈ যায়। গছজোপাই একেবাৰে শিখৰত দীঘল চুলিৰ দৰে লোমযুক্ত এক অংশ বহন কৰে।

গৰমৰ দিনত কুঁহিয়াৰ ৰস খালে কিহৰ বাবে উপকাৰী জানো আহক:-

১)গৰমৰ দিনত প্ৰতিদিনে ২৫০ গ্ৰাম কুঁহিয়াৰ ৰস পান কৰিলে প্ৰখৰ ৰ’দৰ তাপ আৰু লু-বতাহৰ গৰমৰ পৰা ৰক্ষা পাব পাৰি। প্ৰখৰ ৰ’দত ঘূৰিব লগা হ’লে বেছিকৈ যেতিয়া পিয়াহ লাগে তেতিয়া কুঁহিয়াৰ ৰস পান কৰিলে শৰীৰক তৎক্ষনাতে শক্তিৰ যোগান ধৰে আৰু পিয়াহ আঁতৰাই।

 

২) কুঁহিয়াৰ ৰসৰ লগত গোল নেমুৰ ৰস আৰু নিমখ মিলাই সেৱন কৰিলে হজম প্ৰক্ৰিয়া সবল কৰি তুলে। কুঁহিয়াৰত থকা পটেচিয়ামে পাকস্থলীৰ PH স্তৰ সন্তুলিত কৰি ৰাখে, হজমীৰ ৰস নিষ্কাশনত সহায় কৰে আৰু হজম প্ৰক্ৰিয়াক সুষ্ঠ কৰি ৰাখে। লগতে ই পাকস্থলীত সংক্ৰমণো প্ৰতিহত কৰে।

৩) জণ্ডিচ ৰোগত কুঁহিয়াৰ ৰস বৰ উপকাৰী; কিয়নো ই এলকালাইন প্ৰকৃতিৰ আৰু দেহত ইলেক্ট্ৰলাইটৰ সন্তুলন বজাই ৰখাত সহায় কৰে। এই ৰোগত কুঁহিয়াৰ চোৱাই খাব পাৰিলে অধিক ভাল। এনেকৈ খালে প্ৰস্ৰাৱ চাফা হয় আৰু শেঁতা পৰা হ্ৰাস পায়।

৪)কুঁহিয়াৰত থকা কেলচিয়াম, পটেচিয়াম, মেগনেচিয়াম, লো আৰু মেংগানিজে এই ফলৰ ৰসক এলকালাইন প্ৰকৃতিৰ কৰি তুলে, লগতে ইয়াত থকা flavonoid-য়ে এই ৰসক কেন্সাৰ কোষৰ ৰোধক কৰি তোলে, বিশেষকৈ প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ ক্ষেত্ৰত।

৫) কুঁহিয়াৰ ৰস দিনে ২৫০ গ্ৰাম পান কৰিলে শুক্ৰাণু বৃদ্ধি হয়।

৬) গ্ৰীষ্ম ঋতুত নাকৰ পৰা তেজ ওলালে দিনে দুবাৰ পুৱা, সন্ধ্যা কুঁহিয়াৰ ৰস পান কৰিলে সোনকালে আৰোগ্য হৈ যায়।

৭) কুঁহিয়াৰ ৰস সদায় একোবাৰ খাব পাৰিলে প্ৰসূতিৰ স্তনত গাখীৰ বৃদ্ধি হয়।

৮) হিকটি আহিলে লৰালৰিকৈ কুঁহিয়াৰ ৰস খাই দিলে হিকতি বন্ধ হৈ যায়।

৯) এনিমিয়া ৰোগীক কুঁহিয়াৰ ৰসৰ লগত আমলখি আৰু ডালিমৰ ৰস মৌ মিলাই খুৱালে তেজৰ পৰিমাণ বৃদ্ধি হয় আৰু ভোক বাঢ়ে।

১০) কুঁহিয়াৰৰ ৰসত প্ৰাকৃতিক চেনী থাকে যাৰ glycemic index কম আৰু ই তেজত গ্লুকʼজৰ পৰিমাণ কমাই থোৱাত সহায় কৰে। সেয়ে দেখা যায় যে এক সীমীত পৰিমাণত কুঁহিয়াৰৰ ৰসৰ সেৱন কৰিলে ই মধুমেহ ৰোগীৰ ক্ষেত্ৰত উপকাৰিতা দেখাব পাৰে।

১১) কোষ্টবদ্ধতাত ভোগা ৰোগীয়ে ২৫০ গ্ৰাম কুঁহিয়াৰ ৰসৰ লগত আদা আৰু গোল নেমুৰ ৰস মিলাই দিনে এবাৰকৈ পান কৰিলে কোষ্ঠকাঠিন্য দূৰ হয়।

১২) কুঁহিয়াৰ ৰস ২৫০ গ্ৰামৰ লগত ১০০ গ্ৰাম ডালিমৰ ৰস মিলাই পান কৰিলে তেজৰ অতিসাৰ ৰোগ কমি যায়।

১৩) কুঁহিয়াৰ ৰস প্ৰতিদিনা দুবাৰকৈ এগিলাচ সেৱন কৰিলে পিত্তবিকাৰ নোহোৱা হয় আৰু বমি ভাব আঁতৰ হয়।

১৪) কুঁহিয়াৰ ৰস প্ৰতিদিনে দুবাৰকৈ পান কৰিলে কিডনিৰ পাথৰ গলি আৰু প্ৰস্ৰাৱৰ সৈতে ওলাই যাব পাৰে।

১৫) নেমু ৰস আৰু নাৰিকল পানীৰ সৈতে কুঁহিয়াৰৰ ৰস সেৱন কৰিলে বৃক্কত পাথৰ, Prostatitis, STD (Sexually Transmitted Disease) আৰু UTI (Urinary Tract Infection)ৰ ফলত হোৱা জ্বলা-পোৰাৰ অনুভুতি বহু পৰিমাণে হ্ৰাস হʼব পাৰে।

১৬) সৰু লʼৰা-ছোৱালীয়ে কেঁচা কুহিয়াৰ চুবাই খলে হাড় আৰু দাঁতৰ সুস্থ গঠন আৰু বৃদ্ধিত কুঁহিয়াৰৰ ৰসৰ উপকাৰিতা পৰিলক্ষিত হয়। খনিজ পদাৰ্থৰে সমৃদ্ধ এই কুঁহিয়াৰৰ ৰসে দাঁতত পোকে ধৰাৰ সমস্যাৰ পৰাও পৰিত্ৰাণ দিয়াব পাৰে।

১৭) কুঁহিয়াৰৰ ৰসত Alpha-hydroxy-acid থাকে যিয়ে ছালৰ কোষবোৰক পুনৰোজ্জীৱিত কৰাত সহায় কৰে। ফলত ব্ৰণৰ সমস্যা দূৰ হয়। কুঁহিয়াৰৰ ৰসত antioxidant, phenolic acid আৰু flavonoids থাকে যিবোৰে ছালক কোমত, মসৃন, উজ্বল আৰু সতেজ কৰি ৰাখে।

১৮) কুঁহিয়াৰৰ ৰসত চুক্ৰজৰ উপস্থিতিয়ে ইয়াক ঘাঁ চিকিৎসা কৰাত সহায়ক কৰি তোলে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd