NORTHEAST NOW (Assamese)

সাৱধান! বচাওক আপোনাৰ হোৱাটছএপ, হেকাৰে উলিয়াইছে নতুন কৌশল

May 28, 2020 6:23 pm · এন ই নাও নিউজ
Updated: May 28, 2020 6:26 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সাৱধান হওক। বচাই ৰাখক আপোনাৰ হোৱাটছএপৰ তথ্য। কাৰণ এইবাৰ হেকাৰে উলিয়াইছে নতুন কৌশল।

এই নতুন কৌশলত হোৱাটছএপৰ কাৰিকৰী গোটৰ বিভাগীয় যোগাযোগ কেন্দ্ৰ বুলি পৰিচয় দিয়া এটা একাউণ্টৰ পৰা ইউজাৰক এটা ভেৰিফিকেচন ক’ড শ্বেয়াৰ কৰিবলৈ কয়।

ইউজাৰক পতিয়ন নিয়াবলৈ এই একাউণ্টে হোৱাটছএপৰ ল’গ’টো প্ৰ’ফাইল ছবি হিচাপে ব্যৱহাৰ কৰে।

কিন্তু মনত ৰাখিব হোৱাটছএপ টীমে তেওঁলোকৰ গ্ৰাহকৰ সৈতে যোগাযোগ কৰিবলৈ মেছেজিং এপটো ব্যৱহাৰ নকৰে।

হোৱাটছএপে নিজৰ ৱেবছাইট বা ফেচবুকৰ জৰিয়তেহে ৰাজহুৱা আপডেটসমূহ দিয়ে।

WABetaInfo নামৰ হোৱাটছএপত চকু ৰখা এটা গোটে এই কথা পোহৰলৈ আনিছে।

এইদৰে হাত কৰা ভেৰিফিকেচন ক’ড বেলেগ কম্পিউটাৰত হোৱাটছএপ একাউণ্ট খোলাৰ বাবে ব্যৱহাৰ কৰা হয়।

ফেচবুক মালিকানাধীন কোম্পানিটোৱে ইউজাৰক ভেৰিফিকেচন ক’ডকে ধৰি একো তথ্যই শ্বেয়াৰ কৰিবলৈ কোৱা নাই।

Related News