NORTHEAST NOW (Assamese)

‘দ্য মাউণ্টেন মেন’ৰ পুত্ৰ মাঝিয়ে এইবাৰ ৰাজনীতিত কৰিব যোগদানঃ বিহাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান

January 29, 2025 7:11 pm · এন ই নাও নিউজ, গুৱাহাটী

এটা পাহাৰৰ বাবে বহু কিলোমিটাৰ যাত্ৰা কৰি অসুস্থ পত্নীৰ সৈতে চিকিৎসালয় পায়হি যদিও পলম হোৱাৰ বাবে তেওঁক ৰক্ষা কৰিব পৰা নাছিল। পত্নীৰ মৃত্যুৰ পাছত পৰিচালিত হৈ বিহাৰৰ দৰশথ মাঝিয়ে পাহাৰ কাটি নিজে এটা পথ নিৰ্মাণ কৰে। ২০০৭ চনত দশৰথৰ মৃত্যুৰ কেইবছৰমান পাছত তেওঁৰ জীৱনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল বলীউডৰ ছবি ‘মাঝি দ্য মাউণ্টেন মেন। মূল চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে।

বুধবাৰে দশৰথৰ পুত্ৰ ভগীৰথে কংগ্ৰেছত যোগদান কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে। দিল্লীত জেডি(ইউ)ৰ প্ৰাক্তন সাংসদ তথা পিছপৰা পাছমাণ্ডা মুছলমান সম্প্ৰদায়ৰ নেতা আলী আনোৱাৰ, পিছপৰা প্ৰজাপতি সম্প্ৰদায়ৰ সামাজিক সংগঠন ‘অল ইণ্ডিয়া প্ৰজাপতি কুম্ভৰ সংঘৰ মুৰব্বী মনোজ প্ৰজাপতি, পদ্মশ্ৰী বঁটা বিজয়ী চিকিৎসক জগদীশ প্ৰসাদ আৰু আম আদমী পাৰ্টিৰ নেতা ) আৰু বিজেপিৰ দুই প্ৰাক্তন মুখপাত্ৰ নিশান্ত আনন্দ আৰু নিখাত আব্বাছ।

চলিত বৰ্ষৰ শেষৰ ফালে বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাত লালু প্ৰসাদৰ আৰজেডি আৰু বাওঁপন্থীয়ে গঠন কৰা ‘মহাগোটবন্ধন মিত্ৰতাৰ অংশীদাৰ কংগ্ৰেছ। অৱশ্যে শেহতীয়াকৈ লালুৰ পুত্ৰ তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিধানসভা নিৰ্বাচনত “বিভিন্ন সমীকৰণব পাৰে বুলি ইংগিত দিছিল। এই ক্ষেত্ৰত তেওঁৰ টাৰ্গেট কংগ্ৰেছ। দৰাচলতে ১৯৯০ চনৰ বিধানসভা নিৰ্বাচনত চুবুৰীয়া ৰাজ্য বংগত ক্ষমতা হেৰুৱাৰ পৰাই কংগ্ৰেছ ক্ৰমান্বয়ে তাত এক প্ৰান্তীয় শক্তিলৈ পৰিণত হৈছে। প্ৰয়াত দশৰথে একক যুদ্ধৰ সন্মুখত ‘অভেদ্য পৰ্বত কেনেকৈ তল কৰে তাৰ উদাহৰণ দাঙি ধৰিলে। পুত্ৰ ভগীৰথৰ যুঁজখন চাগে তাতোকৈ কঠিন হ’ব।

Related News