NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত আন এগৰাকী অসম কন্যাৰ সাফল্য : পদক নিশ্চিত ভাগ্যৱতী কছাৰীৰ

July 24, 2019 9:07 am · এন ই নাও নিউজ
Updated: July 24, 2019 9:12 am
বক্সাৰ ভাগ্যৱতী কছাৰীৰ ফাইল ফটো

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত আৰু এগৰাকী অসম কন্যাই আঁজুৰি আনিলে অনন্য কৃতিত্ব। আন্তঃৰাষ্ট্ৰীয় বক্সিঙত এই সফলতা কঢ়িয়াই অনা খেলুৱৈগৰাকী হ’ল ভাগ্যৱতী কছাৰী।

বেংককত চলি থকা থাইলেণ্ড ইণ্টাৰনেশ্যনল বক্সিং টুৰ্ণামেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম কন্যা ভাগ্যৱতী কছাৰীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে কছাৰীয়ে কমেও ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো নিশ্চিত।

চলিত বৰ্ষৰ ইণ্ডিয়ান অ’পেনত স্বৰ্ণ পদক অৰ্জন কৰা ভাগ্যৱতীয়ে মঙলবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ভিয়েটনামৰ এনগুৱেন হুঙক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।

৭৫ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভাগ্যৱতীয়ে মেচখনত বিপক্ষৰ খেলুৱৈ গৰাকীক পইণ্ট সংগ্ৰহৰ বাবে কোনো ধৰণৰ সুযোগেই প্ৰদান নকৰিলে। তেওঁ মেচখন ৫-০ৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বেও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা ভাগ্যৱতী কছাৰীৰ এই সফলতাত অসমৰ ক্ৰীড়া প্ৰেমীসকলৰ লগতে পৰিয়ালৰ লোকসকল যথেষ্ট উৎসাহী হৈ পৰিছে।

উল্লেখ্য যে ভাগ্যৱতী কছাৰীৰ উপৰি ভাৰতৰ মুঠ ৮গৰাকী বক্সাৰে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

Related News