অৰুণাচলৰ নামনি দিবাং ভেলীত নৱেম্বৰত উন্মোচন কৰা হ’ব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি

chowna-mein-750x375

সোমবাৰে ইটানগৰত অনুষ্ঠিত বৈঠকত অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মে'। ফটো : টুইটাৰৰ সৌজন্যত

অসমৰ কিংবদন্তি গায়ক, গীতিকাৰ, সংগীতজ্ঞ, কবি তথা চলচ্চিত্ৰ নিৰ্মাতা ড০ ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি তেওঁৰ জন্মস্থান অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাৰ বলুঙত নৱেম্বৰৰ প্ৰথম সপ্তাহত উন্মোচন কৰা হ’ব।

অৰুণাচল প্ৰদেশৰ উপ মুখ্য মন্ত্ৰী চাওনা মেই সোমবাৰে এই কথা জানিবলৈ দিয়ে।

উপ মুখ্য মন্ত্ৰী গৰাকীৰ অফিচিয়েল টুইটাৰৰ যোগে মেই জনায় যে সোমবাৰে এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।

অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ নামনি দিবাং ভেলী জিলাৰ বলুং গাঁৱত কিংবদন্তি সংগীতজ্ঞগৰাকীৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে।

দহ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তিটো অসমৰ বিশিষ্ট শিল্পী তথা ভাস্কৰ বীৰেন সিংহই নিৰ্মাণ কৰিছে।

অৰুণাচল প্ৰদেশ চৰকাৰে ইয়াৰ পূৰ্বে ২০১৫ চনত ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰভূত অৰিহনা যোগোৱা কিংবদন্তি সংগীতজ্ঞগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবদ ৩০ লাখ টকা আৱন্টন দিছিল।

অসমৰ শদিয়া অঞ্চলৰ সৈতে লাগি থকা বলুং গাঁৱখনতে সুধাকণ্ঠৰ পিতৃ-মাতৃয়ে বাস কৰিছিল।

অৰুণাচল প্ৰদেশ চৰকাৰে ইয়াৰ পিছত ২০১৬-১৭ চনতো ৰাজ্যখনৰ নামনি সোঁৱনশিৰি জিলাৰ য়াজালি আৰু ইটানগৰত সুধাকণ্ঠ হাজৰিকাৰ দুটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে ৭০ লাখ টকা আৱন্টন দিছিল।

প্ৰতিমূৰ্তিটো স্থাপন কৰিবৰ বাবে ভূপেনা দা’ৰ প্ৰতি শ্ৰদ্ধা জনাই অৰুণাচল প্ৰদেশ প্ৰ’ভিজনেল এছেমব্লিৰ প্ৰাক্তন বিধায়ক দোৰা পাৰ্টিনৰ পুত্ৰই মাটিখিনি দান কৰিছে।

ভূপেন দা’ৰ শৈশৱৰ এক আমোদজনক ঘটনাটো হ’ল যে এবাৰ শিশু অৱস্থাতে তেওঁ পিতৃ-মাতৃৰ পৰা বিছিন্ন হৈ পৰি বলুং গাঁৱৰ এটা জনজাতীয় পৰিয়ালত কেইদিনমান কটাবলগীয়া হৈছিল।

ইয়াৰ পিছত এগৰাকী আদি জনগোষ্ঠীৰ যুৱতীয়ে আনি তেওঁক পিতৃ-মাতৃক গতাই দিছিল।

উল্লেখযোগ্য যে ভূপেন দা’ই এবাৰ কৈছিল যে তেওঁ এগৰাকী অৰুণাচলী কিয়নো শৈশৱ অৱস্থাত তেওঁ হেৰোৱা সময়খিনিত এগৰাকী অৰুণাচলী মাতৃয়ে তেওঁক স্তনপান কৰাইছিল।