বিশ্বশিল্পী ড০ ভূপেন হাজৰিকালৈ দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘ভাৰত ৰত্ন’

গণৰাজ্য দিৱসত ৰাজ্যবাসীলৈ ৰাষ্ট্ৰপতিৰ পৰম আকাংক্ষিত উপহাৰ

Bhupen-Hazarika

বিশ্ববিশ্ৰুত শিল্পী, অসম সন্তান প্ৰয়াত ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন আগ বঢ়োৱা হৈছে। ৭০ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত আজি ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ে এই কথা নিশ্চিত কৰিছে।

ড০ হাজৰিকাৰ লগতে ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু বিখ্যাত সমাজকৰ্মী নানাজী দেশমুখলৈও এই সন্মান আগ বঢ়োৱা হৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সকলো অসমীয়া ৰাইজে ব্যাপক আন্দোলন কৰি থকাৰ মাজতে আজিৰ এই সুখবৰটোত সাময়িকভাৱে হ’লেও আপ্লুত হৈছে ৰাজ্যবাসী।

অসমৰ সন্তান বিশ্বখ্যাত শিল্পীজনক পূৰ্বে ভাৰত ৰত্নৰ বাবে নিৰ্বাচিত নকৰা বাবে অসমীয়া মানুহৰ মনত যথেষ্ট ক্ষোভ আছিল। শিল্পীজনক দেশৰ এই সৰ্বোচ্চ বঁটাৰে সন্মানিত কৰাৰ বাবে গণস্বাক্ষৰ অভিযানো চলাইছিল অসমীয়া মানুহে।

কিন্তু তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পৰাও শিল্পীজনক সৰ্বোচ্চ সন্মানটোৰ বাবে নিৰ্বাচিত কৰাৰ আৱেদন গৈছিল যদিও সেই সৌভাগ্য হোৱা নাছিল অসমীয়াৰ। যোৱা ২০১২ চনত তেওঁক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটাহে যচা হয়, যিটো দ্বিতীয় শ্ৰেষ্ঠ অসামৰিক বঁটা আছিল। জীৱনকালত শিল্পীজনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল (১৯৭৭ চনত)।

ড০ হাজৰিকাৰ ১৯২৬ চনত ৮ ছেপ্টেম্বৰত জন্ম হৈছিল আৰু মৃত্যু হৈছিল ২০১১ চনৰ ৫ নৱেম্বৰত।