NORTHEAST NOW (Assamese)

বি. বৰুৱা কলেজত ‘সুধাকণ্ঠক সুঁৱৰি’ শীৰ্ষক ভূপেন্দ্র সংগীত প্রতিযোগিতা সম্পন্ন

November 4, 2024 6:57 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ ত্ৰয়োদশ মৃত্যু বার্ষিকীৰ লগত সংগতি ৰাখি যোৱা ইং ৪ নৱেম্বৰত গুৱাহাটীস্থিত বি বৰুৱা কলেজ (স্ব-শাসিত)ৰ শিক্ষক গোটৰ উদ্যোগত ‘সুধাকণ্ঠক সুঁৱৰি’ শীৰ্ষক এখনি সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্রতিযোগিতা অনুষ্ঠিত হৈ যায়।

বি. বৰুৱা কলেজৰ অধ্যক্ষ ড° সত্যেন্দ্র নাথ বৰ্মনে শুভাৰম্ভ কৰা আৰু কলেজ শিক্ষক গোটৰ সম্পাদক ড° উৎপল চৌধুৰীয়ে আঁত ধৰা সংগীত প্ৰতিযোগিতাখনিত সৰ্বমুঠ ১৩ খন মহাবিদ্যালয় আৰু ৩ খন বিশ্ববিদ্যলয়ৰ ২৬ গৰাকী শিক্ষাৰ্থীয়ে যোগদান কৰে য’ত বিচাৰকৰ আসন শুৱনি কৰে বিশিষ্ট সংগীতশিল্পী নমিতা ভট্টাচার্য আৰু সূৰ্য গোস্বামীয়ে।

প্ৰতিযোগিতাৰ অন্তত বি. কে. বি. কলেজৰ চাহিল সঞ্জীত চেনাৰে প্ৰথম পুৰস্কাৰ— প্ৰয়াত বিপিন চন্দ্র গোস্বামী সোঁৱৰণী বঁটা (নগদ ১০,০০০/ টকা, স্মাৰক আৰু মানপত্র), গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিকশিতা বৰকটকীয়ে দ্বিতীয় পুৰস্কাৰ—প্ৰয়াত মহেশ্বৰ শৰ্মা বৰঠাকুৰ সোঁৱৰণী বঁটা (নগদ ৭,০০০/- টকা, স্মাৰক আৰু মানপত্র) আৰু পূৱ কামৰূপ মহাবিদ্যালয়ৰ হিয়ামণি নাথে তৃতীয় পুৰস্কাৰ— প্ৰয়াত বীণাপাণি দেৱী সোঁৱৰণী বঁটা (নগদ ৫,০০০/- টকা, স্মাৰক আৰু মানপত্র) আৰু বিচাৰকৰ বিশেষ পুৰস্কাৰ বি. বৰুৱা কলেজ (স্ব-শাসিত)ৰ চণ্ডিকা দেৱী আৰু নিৰ্মল হালৈ কলেজৰ অংকুৰ শৰ্মাই লাভ কৰে।

উল্লেখযোগ্য যে— এই নগদ পুৰস্কাৰকেইটা আগবঢ়াইছে মহাবিদ্যালয়খনৰ তিনিগৰাকী অধ্যাপক ক্ৰমে ড° নিজৰা গোস্বামী, ড° মৃদুল কুমাৰ বৰঠাকুৰ আৰু ড° মানবেন্দ্ৰ শৰ্মাই ।

Related News