অসমৰ কাষৰীয়া গেলেফুত বিশেষ প্ৰশাসনিক অঞ্চল স্থাপনৰ পৰিকল্পনা ভূটানৰ

Assam Bhutan

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অসমৰ সীমান্তৱৰ্তী সৰপাং জিলাৰ গেলেফুত বিশেষ প্ৰশাসনিক অঞ্চল (SAP) স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে ভূটান চৰকাৰে।

অভিলাষী প্ৰকল্পটোৰ অধীনত ভূটান চৰকাৰে হিমালয়ৰ পাদদেশৰ তাৰায়থাং গেৱগৰ পৰা চিংগে গেৱগলৈকে প্ৰায় ১০০০ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত এলেকা সামৰি ল’ব।

প্ৰকল্পটোৰ জৰিয়তে গেলেফুক কেৱল ভূটানৰ বাবেই নহয়, বৃহত্তৰ দক্ষিণ এছিয়া অঞ্চলৰ বাবেও এক সমৃদ্ধিশালী অৰ্থনৈতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য লৈছে ভূটান চৰকাৰে।

দেশখনৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ৰাষ্ট্ৰীয় দিৱসৰ ভাষণত এই প্ৰকল্পৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ লগতে দেশখনক আৰ্থ-সামাজিক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰবাসী ভূটানী লোকসকলৰ প্ৰেৰণাকো স্বীকাৰ কৰে।

এই ঘোষণাই ভাৰতৰ সৈতে ভূটানৰ সম্পৰ্ক আৰু অধিক দৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, অসমৰ কোকৰাঝাৰক গেলেফুৰ সৈতে সংযোগ কৰা ৫৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণৰ কাম চলি আছে।

শেহতীয়াকৈ পূৰ্বৰ দিল্লী ভ্ৰমণৰ সময়ত ৰজা ৱাংচাক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হোৱা আলোচনাত এই বিষয়ে স্থান পাইছিল আৰু তাৰ ফলতে ১০ বিলিয়ন টকাৰ এই প্ৰকল্পটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰথমটো ৰে’ল সংযোগৰ সূচনা হয়।

প্ৰসঙ্গক্ৰমে উল্লেখনীয় যে, অৰ্থনৈতিক বিকাশৰ পোষকতাত নিৰৱচ্ছিন্ন বাণিজ্যৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি অসমৰ দাদগিৰিত থকা ভূমি শুল্ক ষ্টেচনটো সংহত চেক পোষ্টলৈ উন্নীত কৰাৰ পৰিকল্পনা চলি আছে।

এই নতুন প্ৰকল্পটোৰ বৃস্তিত তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰজা ৱাংচাকে দক্ষিণ এছিয়াৰ প্ৰায় ২ বিলিয়ন লোকক সংযোগ কৰাৰ ক্ষেত্ৰত গেলেফু-অসম কৰিডৰৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।

শেহতীয়াকৈ ৰজা ৱাংচাকৰ অসম ভ্ৰমণে ভূটান-ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ পথ প্ৰশস্ত কৰি তুলিছিল। এই ভ্ৰমণত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হৈছিল।