আমেৰিকাৰ নিৰ্বাচনত ইতিহাস; মুঠ ভোটৰ হিচাপত অ’বামাৰ ৰেকৰ্ডো ভংগ কৰিলে বিডেনে

Biden -Kamala

আমেৰিকাৰ নিৰ্বাচনৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি পদৰ ডেম'ক্ৰেট প্ৰাৰ্থী জো বিডেন আৰু কমলা হেৰিছ।

নিৰ্বাচনী প্ৰক্ৰিয়াৰ জটিলতাৰ বাবে নিৰ্বাচনী জয়ৰ ফলাফল এতিয়াও নিশ্চিত কৰা হোৱা নাই যদিও ইয়াৰ মাজতে ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনে এক বিৰল অভিলেখ গঢ়িলে।

আমেৰিকাৰ নিৰ্বাচনী ইতিহাসত সৰ্বোচ্চ ভোট লাভ কৰিছে বিডেনে। ইয়াৰ পূৰ্বে এই ৰেকৰ্ড আছিল বাৰাক অ’বামাৰ।

বাৰাক অ’বামাই ২০০৮চনত ৬কোটি ৯০লাখতকৈ অলপ বেছি ভোট লাভ কৰিছিল। আনহাতে, এতিয়াও কেইখনমান প্ৰদেশৰ ভোটগণনা বাকী থকা অৱস্থাত বিডেনে ইতিমধ্যে মুঠ ৭কোটি ভোটৰ সীমা অতিক্ৰম কৰি গৈছে।

সেইদৰে, বিডেনৰ ভোটৰ পৰিমান স্বাভাৱিকতেই আৰু বহুখিনি বৃদ্ধি পোৱাটো নিশ্চিত।

এতিয়ালৈকে প্ৰায় কেইখন প্ৰদেশতে দুয়োগৰাকী প্ৰাৰ্থীয়ে সমানে সমানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ আনকি ডোনাল্ড ট্ৰাম্পেও পূৰ্বৰ তুলনাত বহু বেছি ভোট লাভ কৰিছে।

বৰ্তমানলৈকে ট্ৰাম্পে ৬কোটি ৭৩ লাখ ভোট লাভ কৰি আছে। তেওঁৱো আনকি অ’বামাৰ মুঠ ভোটৰ ৰেকৰ্ড ভাঙিবলৈ আগবাঢ়িছে।

এই পৰ্যন্ত বিডেন ট্ৰাম্পতকৈ প্ৰায় ২ কোটি ৭০ লাখ ভোটত আগবাঢ়ি আছে আৰু এতিয়াও কমেও ২কোটি ৩০লাখ ভোটৰ গণনা বাকী আছে।

অৱশ্যে, কোনে কিমান ভোট পালে তাৰ ওপৰত আমেৰিকাৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল নিৰ্ভৰ নকৰে। আমেৰিকাৰ নিৰ্বাচনৰ ফলাফল নিৰ্ভৰ কৰে কোনগৰাকী প্ৰাৰ্থীয়ে কিমান ‘ইলেক্ট্ৰ’ৰেল ভোট’ লাভ কৰিলে তাৰ ওপৰত।

এতিয়ালৈকে ট্ৰাম্প বা বিডেন কোনোৱে ইলেক্ট্ৰ’ৰেল কলেজৰ হিচাপত যাদুকৰী সংখ্যা স্পৰ্শ কৰিব পৰা নাই। ইয়াৰে ৫৩৮খন আসনৰ ইলেক্ট্ৰ’ৰেল কলেজত যাদুকৰী সংখ্যাটো হৈছে ২৭০।

এতিয়া ২৬৪টা ইলেক্ট্ৰ’ৰেল আসন লাভ কৰি ডেম’ক্ৰেট বিডেন হোৱাইট হাউছ দখলৰ পথত অগ্ৰসৰ হৈছে। সেইদৰে ২১৪খন আসন লাভ কৰি  প্ৰতিদ্বন্দ্বিতাত ডোনাল্ড ট্ৰাম্প বহু পাছ পৰি ৰৈছে।

আমেৰিকাৰ এইবাৰৰ নিৰ্বাচনত মুঠ ভোটৰ সংখ্যাই দেশখনৰ নাগৰিকে যে পৰিৱৰ্তনৰ বাবে ভোট দিছে তাকেই প্ৰতীয়মান কৰিছে।