মাস্ক প্ৰস্তুতেৰে অভিলেখ সৃষ্টি কৰি সকলোৰে আদৰ্শ হৈ পৰিছে টীয়কৰ বিদিশা দত্ত শইকীয়া

ফটো : নৰ্থ-ইষ্ট নাও

ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ অৰ্থে দেশত ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত হাহাকাৰৰ সৃষ্টি হৈছিল খাটিখোৱা জনতাৰ।

চৰকাৰে চাউল,দাইল আদিৰ যোগান ধৰাৰ পিছতো বহু পৰিয়াল বিপাঙত পৰিছে। কিন্তু তাৰ মাজতে যোৰহাট জিলাৰ টীয়কৰ এগৰাকী গৃহিণীয়ে তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাত ঘৰখনক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে।

যিহেতু ক’ভিড-১৯  অৰ্থাৎ ক’ৰ’নাৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া সৰ্বত্ৰে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক আৰু লকডাউনৰ সময়ছোৱাত চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলা প্ৰশাসনে বিভিন্ন স্তৰত মাস্ক প্ৰস্তুতৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

ইয়াৰে অংশ স্বৰূপে টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খণ্ড প্ৰকল্প বিষয়া টুনটুণি বৰাই উন্নয়ন খণ্ডটোৰ অধীনস্থ বিভিন্ন আত্ম সহায়ক গোটৰ লগতে পূব টীয়ক গাঁও পঞ্চায়তৰ বিদিশা দত্ত শইকীয়া নামৰ গৃহিণীগৰাকীক মাস্ক প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল।

এই আহ্বানৰ প্ৰতি সহাৰি জনাই বিগত দুটা মাহত বিদিশা দত্ত শইকীয়াই প্ৰায় ন হাজাৰৰো অধিক মাস্ক প্ৰস্তুত কৰি প্ৰায় ৯২০০০ টকা উপাৰ্জন কৰি খণ্ডটোৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে উপাৰ্জিত টকাৰে বিদিশাই এতিয়া ঘৰৰ পদূলিতে এখন দোকান খুলি মাস্ক প্ৰস্তুতৰ সমান্তৰালকৈ চাদৰ-মেখেলা আদি চিলাবলৈ আৰম্ভ কৰিছে।

এয়া সঁচাকৈয়ে এক আদৰণীয় পদক্ষেপ। লগতে চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱি্কা অভিযানৰ এগৰাকী সফল সদস্য হিচাপে নিজকে চিনাকি দি আনৰ প্ৰেৰণা হৈ পৰিছে এইগৰাকী বিদিশা দত্ত শইকীয়া।