কেৰীবেগৰ বাবে গ্ৰাহকৰ পৰা ১৮ টকা লৈ বিগ বাজাৰে ভৰিলে ১১,০০০ টকাৰ জৰিমনা

bigbazaar_vb_74

প্ৰতিনিধিত্বমূলক বিগ বাজাৰৰ ফাইল ফটো।

গ্ৰাহকৰ পৰা কাপোৰৰ কেৰীবেগৰ নামত ১৮ টকা কাটি মুঠতে ১১,৫১৮ টকা ভৰিবলগীয়া হ’ল ‘হাইপাৰমাৰ্কেট চেইন’ বিগ বাজাৰে। চণ্ডীগড়ত সংঘটিত হৈছে এই ঘটনা।

জিলা উপভোক্তা বিবাদ নিষ্পত্তি সংস্থা(District Consumer Disputes Redressal Forum)ই বিগ বাজাৰক কনজিউমাৰ লীগেল এইড একাউন্টত (অন্যায়ৰ বলি হোৱাজনক সহায় কৰাৰ বাবে) ১০,০০০ টকা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, সামগ্ৰীবিধৰ বাবে ‘অন্যায়ভাৱে চাৰ্জ লোৱা বাবে’ পঞ্চকুলাৰ বাসিন্দা গ্ৰাহক গৰাকীক ১,৫১৮টকা আদায় দিবলৈও নিৰ্দেশ দিয়ে।

পঞ্চকুলাৰ ছেক্টৰ ১৫’ৰ বাসিন্দা বলদেৱ ৰাজে ঔদ্যোগিক অঞ্চলত থকা ফিউচাৰ ৰিটেইল’ছ বিগ বাজাৰ ষ্ট’ৰৰ কেছিয়াৰে চলিত বছৰৰ ২০ মাৰ্চত তেওঁৰ পৰা ক্ৰয় কৰা সামগ্ৰী কঢ়িওয়াবলৈ দিয়া এটা কাপোৰৰ কেৰীবেগৰ বাবে ১৮ টকা লোৱাৰ অভিযোগ সংস্থাৰ ওচৰত দাখিল কৰে।

কেৰী বেগখনৰ বাবে টকা লোৱা হ’ব বুলি কতো উল্লেখ নথকাৰ কথা আঙুলিয়াই দি বলদেব ৰাজে কয় যে এয়া গ্ৰাহকৰ সেৱাত অৱজ্ঞা কৰাৰ লগতে অবাঞ্চিত ব্যৱসায়িক অনুশীলন বুলি উপভোক্তাৰ অভিযোগ দাখিল কৰিছিল।

গোচৰটোৰ প্ৰতি সঁহাৰি জনাই বিগ বাজাৰৰ প্ৰতিনিধিয়ে সংস্থাক অৱগত কৰিছিল যে এই টকা লোৱাত কোনো ভুল নাই আৰু সেই কেৰীবেগৰ মূল্য সম্পৰ্কীয় তথ্য ষ্ট’ৰটোত স্পষ্টভাৱে সকলোৱে দেখাকৈ আঁৰি থোৱা আছে।