উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি জাগুনত মানুহৰ ঘৰত আশ্ৰয় ল’লে বৃহৎ অজগৰে

Screenshot_20190807_170646

জাগুনত অজগৰ উদ্ধাৰ

তিনিচুকীয়া জিলাৰ ডিগবৈ বনসংমণ্ডলৰ অধীনৰ জাগুনত আজি এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়।

দিনৰ প্ৰায় ১১ মান বজাত জাগুন বন কাৰ্যালয়ৰ অন্তৰ্গত ফুলবাৰী গাঁৱৰ নিবাসী বাবুৰাম ছেত্ৰী নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰা হয় বৃহৎ আকাৰৰ অজগৰ সাপ ডাল।

ঘটনাৰ বিৱৰণী অনুসৰি, বাবুৰাম ছেত্ৰীৰ ঘৰত বনাঞ্চলৰ পৰা আহি প্ৰৱেশ কৰা বৃহৎ আকাৰৰ অজগৰ সাপ ডাল দেখি পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে।

অজগৰ ওলোৱা বুলি খবৰ বিয়পি পৰাৰ পাছতে স্থানীয় লোক সকলে অজগৰ চাবলৈ বাবুৰাম ছেত্ৰীৰ ঘৰত উপস্থিত হয়।

আনহাতে, স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জাগুন বন বিভাগৰ লোক ছেত্ৰীৰ ঘৰত উপস্থিত হৈ অজগৰ ডাল সুস্থ অৱস্থাত উদ্ধাৰ কৰি টিংকু পানী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।

বন বিভাগৰ লোকৰ ভাষ্য অনুসৰি প্ৰায় ২৫-৩০ কিলোগ্ৰাম ওজনৰ সাপ ডালৰ দৈৰ্ঘ্য ৬ ফুটতকৈ অধিক হ’ব।

উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু খাদ্যৰ সন্ধানৰ বাবেই অজগৰ ডাল মানুহৰ বসতি স্থানলৈ আহিছে বুলি বন বিভাগৰ কৰ্মী এগৰাকীয়ে উল্লেখ কৰে।