বিহালীৰ জিনজিয়া শিঙিৰবিলত বাট-পথৰ শোচনীয় ৰূপ : সাঁকোৰে যাতায়াত স্থানীয় ৰাইজৰ

IMG-20180814-WA0044

কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ জিনজিয়া শিঙিৰবিলত আজিকোপতি নিৰ্মিত হোৱা নাই এখন  উন্নত দলং৷ উন্নত ৰাস্তাৰ অভাৱত আজি শিঙিৰবিলবাসীয়ে জীয়াতু ভুগি থাকিবলগীয়া হৈছে। বৰিষাৰ সময়ত এই বিপজ্জনক সাঁকোখনেৰে পাৰ হ’বলগীয়া হয় সাধাৰণ ৰাইজ, ছাত্ৰ-ছাত্ৰীকে আদি কৰি বিভিন্ন বৃত্তিধাৰী লোকসকল।

বিশ্বনাথৰ বিহালী বিধানসভা  সমষ্টিৰ জিনজিয়া শিঙিৰবিলৰ এখন দলং ৷ দলং বুলি কলে ভুল হ’ব৷ কাৰণ দলংঙৰ নামত আছে ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা এখন জৰাজীৰ্ণ বাঁহৰ সাঁকো৷ যিখন সাঁকোৰে শ শ পৰিয়ালে দৈনন্দিন যাতায়ত কৰিবলৈ বাধ্য হৈ পৰিছে৷ এই মৰণফান্দৰ দৰে হৈ পৰা সাঁকো খনৰে যাতায়ত কৰোতে প্ৰায় ৫ বছৰ পূৰ্বে এজন লোকৰ  মৃত্যু হৈছিল৷ তথাপি চৰকাৰৰ কাণসাৰ নাই৷

স্বাধীনোত্তৰ কালৰে পৰা কেৱল নিৰ্বাচনৰ সময়তহে জনপ্ৰতিনিধি ৰাইজৰ ওচৰত উপস্থিত হৈ বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহৰ মাজত দলং খন নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰত্যেকজন প্ৰতিনিধিয়ে দি আহিছে যদিও অদ্যাপি নিৰ্মাণ নহ’ল দলংখন ৷ ফলত পানী বাঢ়িলেই সেই অঞ্চলটোৰ ৰাইজৰ আৰম্ভ হয় মৰণপণ যাত্ৰা ৷

ৰাইজে দলংখন নিৰ্মাণ কৰি দিবলৈ দীৰ্ঘদিন ধৰি বহুবাৰ আবেদন জনাই আহিছিল যদিও, এইবাৰ পৰিবৰ্তনৰ আশাৰে আদৰিছিল পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰক৷ এইবাৰ স্থানীয় বিধায়ক ৰঞ্জিত দত্তৰ বিধায়কৰ পৰা কেৱিনেট মন্ত্ৰীলৈ পদোন্নোতি ঘটিল যদিও এতিয়াও শিঙিৰবিলৰ অৱস্থাৰ উন্নতি নঘটিল।

শিঙিৰবিলৰ ৰাইজে আশা কৰিছিল যে  এইবাৰ নিশ্চয় তেওঁলোকৰ অঞ্চলটোৰ বাট – পথ ,দলঙৰ অৱস্থা উন্নত হ’ব৷ পিছে এতিয়ালৈকে সপোন সপোন হৈয়ে আছে এই সকল গঞা ৰাইজৰ ৷

মন্ত্ৰী ৰঞ্জিত দত্তৰ বাস গৃহৰ পৰা প্ৰায় ১০ কি:মি: ৰ দুৰত্বত থকা এই দলং খনলৈ আজি পৰ্যন্ত চকু নপৰিল কেবিনেট মন্ত্ৰী গৰাকীৰ৷ সভাই সমিতিয়ে  পৰিৱৰ্তনৰ  শ্লোগান দিয়া শাসনাধিষ্ঠ চৰকাৰখনে  বিহালীৰ জিনজিয়া শিঙিৰবিলৰ অতি প্ৰয়োজনীয় দলংখন নিৰ্মাণ কৰি অঞ্চলটোক আগুৱাই যোৱাত সহায় কৰালৈ বাট চাই আছে অঞ্চলটোৰ ৰাইজে।