• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰীয়ে লুটিছে অসমৰ শিক্ষাৰ্থীৰ ছাত্ৰ বৃত্তিৰ ধন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2020 2:22 pm
kvn-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ বৃত্তিৰ নামত এক ব্যাপক কেলেংকাৰিত ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা বিহাৰ ছাহৰছাকে ধৰি অসমৰ নাজিৰাৰ নামো সাঙোৰ খাই পৰিছে।

দৰিদ্ৰ সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে প্ৰাক্-মেট্ৰিক স্কলাৰশ্বিপৰ বাবে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ (এন এছ পি) তথ্যত দেখা গৈছে যে নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ক বিহাৰৰ ছয়খন জিলাৰ অন্তৰ্গত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

বাস্তৱতে ই এখনহে বিদ্যালয় আৰু বিদ্যালয়খন অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত এই ব্যাপক কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে।

অনুসন্ধানত পোৱা গৈছে যে এই বিদ্যালয়ৰ অধীনৰ কমেও ৩৯ গৰাকী শিক্ষাৰ্থীৰ নাম বিহাৰৰ তালিকাসমূহত অন্তৰ্ভুক্ত হৈছে।

বিদ্যালয়খনৰ অধ্যক্ষই এই সকলোবোৰ ভুৱা বুলি সংবাদ প্ৰতিষ্ঠানটোক জানিবলৈ দিছে।

অনুসন্ধানত পোৱা তথ্য অনুসৰি বিহাৰৰ মধ্যস্থতাকাৰীয়ে স্কলাৰশ্বিপৰ কেইবাটাও ঘটনা অবৈধভাৱে ডাইভাৰ্ট কৰিছিল।

প্ৰতিবেদন অনুসৰি, মধ্যস্থতাকাৰীয়ে বেংকিং যোগাযোগকাৰী আৰু বিদ্যালয়ৰ ষ্টাফৰ সহায়ত এনএছপিৰ এছেছ ল’বলৈ আৰু নিৰীহ শিক্ষাৰ্থীসকলৰ  আই ডি আৰু পাছৱৰ্ড চুৰ কৰি ভুৱা হিতাধিকাৰী সৃষ্টি কৰি বৃত্তিৰ ধন আত্মস্যাৎ কৰে।

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ৰ ২০১৯-২০ৰ তথ্যত ইয়াৰ হিতাধিকাৰী ডাৰভাংগা(১৪), মুজাফৰপুৰ(১৩),মধুবনী(৭),পুৰ্ণিয়া(২), ভগলপুৰ(২) আৰু পূব চম্পাৰনত(১) দেখুৱা হৈছে।

ইপিনে, বিদ্যালয়খনৰ অধ্যক্ষ অখিলেশ্বৰ ঝাই জানিবলৈ দিয়ে যে তালিকাখন পৰীক্ষা কৰি চাই ইয়াৰ ৰেকৰ্ডত তেনে কোনো শিক্ষাৰ্থীৰ তথ্য পোৱা হোৱা নাই। তেওঁ এইক্ষেত্ৰত উচ্চ পৰ্যায়ত বিষয়টো তুলি ধৰিব বুলিও জনায়।

অধ্যক্ষগৰাকীয়ে লগতে যোৱাবছৰ তেওঁলোকে কোনো বৃত্তিৰ প্ৰ-পত্ৰ পৰীক্ষা কৰি পঠোৱা নাই বুলিও জানিবলৈ দিয়ে।

ঝাই জানিবলৈ দিয়ে যে এইবছৰো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াতো অসমত জিলা কল্যাণ বিষয়াৰ পৰা এখন মেইল লাভ কৰিছে।

‘’বহু আবেদনকাৰীয়ে ২০২০-২১বৰ্ষৰ বাবে আমাৰ শিক্ষাৰ্থী হিচাপে পঞ্জীয়ন কৰিছিল। আমি পৰীক্ষা কৰি চাই দেখিছো যে তেওঁলোক আমাৰ ছাত্ৰ নহয় যদিও আমাৰ বিদ্যালয়ৰ নামত দেখুওৱা হৈছে আৰু যোগাযোগ ব্যক্তিৰ তালিকাত আমাৰ কম্পিউটাৰ শিক্ষকৰ নাম দিয়া আছে। এয়া তদন্ত কৰাৰ প্ৰয়োজন আছে,’’-তেওঁ কয়।

বিদ্যালয়ৰ স্কলাৰশ্বিপৰ তথ্যত দেখুৱাইছে যে অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থী তথা মুজাফৰপুৰৰ বাসিন্দা হাছিনা বেগমে ১০,৭০০টকা লাভ কৰিছে।

বিহাৰ সমাজ কল্যাণ বিভাগৰ তথ্য অনুসৰি হাছিনা বেগমৰ ঠিকনা হৈছে ‘কুৰহানি, মুজাফৰপুৰ’ আৰু পিন নম্বৰ হৈছে ৮৩৪৫৫১। দৰাচলতে এইধৰণৰ পিনকোড নাই। কুৰহানিৰ পিনকোড হৈছে ৮৪৪১২০।

মুজাফৰপুৰত নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ৰ ১৩ গৰাকী শিক্ষাৰ্থীৰ নাম ২০১৯-২০বৰ্ষৰ বাবে তালিকাত উল্লেখ আছে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক-মেট্ৰিক স্কলাৰশ্বিপ বছৰি ১লাখ টকাৰ কম আয়ৰ পৰিয়ালৰ শ্ৰেণী পৰীক্ষাত কমেও ৫০শতাংশ নম্বৰ পোৱা সংখ্যালঘু শিক্ষাৰ্থীক দিয়া হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd