লোকশিল্পীৰ যেন কদৰ নাই এই অসম মুলুকত। যাৰ বাবে এতিয়া দৰিদ্ৰতা আৰু আন আন সমস্যাৰ সৈতে যুঁজি দুখৰ দিন পাৰ কৰিবলগা হৈছে একাংশ লোকশিল্পীয়ে। তেনে এগৰাকী শিল্পী হৈছে তিনিচুকীয়াৰ কাকপথাৰ নিবাসী দুৰ্লভা মৰাণ। বিহু নাচৰ কিংবদন্তী নাচনী দুৰ্লভা মৰাণে ২০১১ চনতে কলাগুৰু বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল যদিও বিশেষ সাহায্য লাভ কৰা নাই।
শেহতীয়াকৈ তিনিচুকীয়াৰ এগৰাকী নিবাসী ৰবীন মৰাণে দুৰ্লভা মৰাণৰ কিছু পুৰণি ফটো আৰু সাক্ষাৎকাৰ সামআজিক মাধ্যমত শ্বেয়াৰ কৰিছে।
উল্লেখ্য যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এবাৰ তেওঁক বিহু নৃত্যৰ “গ্লেমাৰ কুইন” হিচাপে স্বীকৃতি দিছিল। অসম চৰকাৰে ১৯৯০ চনত “শিল্পী সহায়” আৰু ১৯৯৩ চনত “জীৱনকালীন শিল্পী পেঞ্চন” প্ৰদান কৰিছিল।
২০১১ চনত তৰুণ গগৈ আৰু সাংস্কৃতিক মন্ত্ৰী প্ৰণতি ফুকনে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত তেওঁক কলাগুৰু বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিছিল। ১৯৭৫ চনৰ বিহু সন্মিলনত ‘বিহু সুন্দৰী’ খিতাপ লাভ কৰিছিল দুৰ্লভা মৰাণে।
দৰিদ্ৰতা আৰু বিভিন্ন প্ৰত্যাহ্বানক নেওচি সদায়ে বিহু আৰু শাস্ত্ৰীয় নৃত্যৰ বাবে কাম কৰি আহিছিল শিল্পীগৰাকীয়ে।
উল্লেখ্য যে দুৰ্লভা মৰাণৰ দৰে অসমৰ হাজাৰ হাজাৰ লোকশিল্পীয়ে পোৱা নাই কোনো বিশেষ স্বীকৃতি আৰু সাহায্য। এই শিল্পীসকলক কেৱল আৰ্থিক সহায়ৰেই নহয়, ইয়াৰ উপৰিও তেওঁলোকৰ অৱদানক স্বীকৃতি আৰু সংৰক্ষণৰ প্ৰয়োজন।মৰাণৰ দৰে ব্যক্তিৰ উত্তৰাধিকাৰ পুনৰুজ্জীৱিত কৰাটো অসমৰ সাংস্কৃতিক পৰম্পৰা ৰক্ষা আৰু তেওঁলোকৰ ভৱিষ্যত নিশ্চিত কৰাৰ বাবে অতি প্ৰয়োজনীয়।