গাঁঠিৰ ধন ভাঙি পুৰণিগুদামৰ এজন যুৱকে পাতিছে বিহুনাচৰ কৰ্মশালা

নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে এতিয়া সমগ্ৰ ৰাজ্যত অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলিছে। ঢোল, পেঁপা গগনাৰ মাতে এতিয়া ৰজনজনাইছে সমগ্ৰ অসম। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ পুৰণিগুদামৰ জলাহগাঁৱৰ এগৰাকী যুৱক।

পুৰণিগুদাম জলাহগাঁৱৰ নিবাসী ৰাজু শইকীয়া। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এই গৰাকী প্ৰচাৰবিমূখ শিল্পীৰ সৰুৰে পৰায়ে আছিল সংস্কৃতি চৰ্চাৰ প্ৰতি অগাধ ধাউতি। হাজাৰ প্ৰত্যাহবানকো নেওচি সৰুৰে পৰা তেওঁ চলাই গৈছে সংস্কৃতি চৰ্চা।

ঢোল, খোল, তাল, নেগেৰা আদি কেইবাবিধ বাদ্য বজাব জনা শইকীয়া ঢোলৰ ওজা সোমনাথ বৰাৰ শিষ্য। অৱশ্যে আৰ্থিক দুৰ্বলতাৰ বাবে সময়ৰ গতিত কেতিয়াবা থমকি ৰব ল’গা হয়।

বিভিন্ন সময়ত চৰকাৰী পক্ষক বিভিন্ন আবেদন-নিবেদন কৰি আহিছিল যদিও আজি পৰ্যন্ত তেওঁ লাভ কৰা নাই কোনো চৰকাৰী সা-সুবিধা। কিন্তু তাৰ মাজতেই তেওঁ এইবাৰ ৰঙ্গালী বিহু উপলক্ষে নিজৰ গাঁঠিৰ ধন ভাঙি নগাঁৱৰ পুৰণিগুদামৰ হালোৱাগাঁও চাৰিআলিত হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চৰ সহযোগত আয়োজন কৰিছে এখনি বিহুনাচৰ কৰ্মশালা।

ইতিমধ্য এই কৰ্মশালাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০গৰাকীতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৰ্মশালাখনৰ অন্তত অহা ১৫ এপিলত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বাটৰ বিহু প্ৰৰ্দশন কৰা হ’ব বুলি ৰাজু শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আনহাতে এই প্ৰশংসনীয় পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই বহু সচেতন লোকে তেওঁলৈ সহায়ৰ হাত আগবঢ়াইছে।