ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

জখলাবন্ধাত থলুৱা গামোচাৰ বিপনীৰ শুভাৰম্ভ

a myanmar

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ।

আপোনজনৰ লগতে জ্যেষ্ঠ সকলক এখন মৰমৰ বিহুৱান যাছিবৰ বাবে কলিয়াবৰ কেন্দ্রীয় ছাত্র সন্থাৰ উদ্যোগত কলিয়াবৰৰ নিজ চিলাবন্ধা গাওঁৰ শিপিনী সকলৰ সহযোগত বাণিজ্য কেন্দ্ৰ জখলাবন্ধাত মুকলি কৰে থলুৱা গামোচাৰ এখন বিপনী।

থলুৱা গামোচা নিৰ্মাণ কৰি বহিৰাগত কোম্পানীৰ গামোচাক প্ৰত্যাহ্বান জনাইছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয় ববীয়া তথা কলিয়াবৰৰ নিজ চিলাবন্ধা গাওঁৰ শিপিনী সকলে।

বিগত চাৰিবছৰ ধৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই প্ৰদান কৰা বিনামূলীয়া সূতাৰে থলুৱা ভাৱে গামোচা প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি ৰাইজৰ চাহিদা লাভ কৰাৰ পাছত এই বছৰো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই প্ৰদান কৰা বিনামূলীয়া সূতাৰে থলুৱা ভাৱে গামোচা প্ৰস্তুত কৰি বিক্ৰীৰ বাবে মুকলি কৰি দিছে শিপিনী সকলে ।

কলিয়াবৰীয়া তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজক থলুৱা গামোচা ব্যবহাৰৰে বহিৰাগত কোম্পানীৰ গামোচা বৰ্জন কৰিবলৈ আহ্বান জনাই ৰাইজলৈ থলুৱা গামোচা বিক্ৰীৰ বাবে এনেদৰে দেওবাৰে বিয়লি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয় ববীয়া লগতে শিপিনী সকলে জখলাবন্ধাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ বাকৰিত এখন বিপনীৰ শুভাৰম্ভ কৰে।

এই শুভাৰম্ভনি অনুষ্ঠানত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয় ববীয়া , শিপিনী সকল, কলিয়াবৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰ লগতে কলিয়াবৰৰ ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।