বটদ্ৰৱাত ৭০ কি. মি. স্কুটি চলাই বিধায়িকা আঙুৰলতাৰ ‘বিজয় সংকল্প ৰেলী’

আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। আজি বটদ্ৰৱাত বিধায়িকা আঙুৰলতা ডেকাই যুৱমৰ্চাৰ সমূহ কৰ্মকৰ্তাৰ সহযোগত ‘বিজয় সংকল্প ৰেলী’ৰে ভাৰতীয় জনতা পাৰ্টীৰ শক্তি প্ৰদৰ্শন কৰে।

যুৱ শক্তিক মূল আধাৰ হিচাপে লৈ বটদ্ৰৱা সমষ্টিত উলিওৱা বৃহৎ ৰেলী তথা সমদলটোত সমষ্টিটোৰ বিধায়িকা আঙুৰলতাই নিজে স্কুটি চলাই বিজেপিৰ হৈ ব্যাপক ৰূপত প্ৰচাৰ চলাই।

আনহাতে আজি বিধায়িকা গৰাকীয়ে বটদ্ৰৱাত কেইবাটাও সমবায়ত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনাৰ শুভ উদ্বোধন কৰে। প্ৰায় ৭০ কি. মি. পথ দলীয় নেতা-কৰ্মীৰ সৈতে নিজে স্কুটি চলাই গৈ উন্নয়নমূলক কামসূহৰ শুভাৰম্ভণি কৰে। লগতে আগন্তুক লোকসভা নিৰ্বাচৰ হৈ নিজ দলৰ ব্যাপক প্ৰচাৰ চলাই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।