‘গণতন্ত্ৰৰ জয়’ উল্লাস ধ্বনিৰে গোলাঘাটত অখিল গগৈৰ মুক্তিত বিজয় উৎসৱ

IMG_20210701_165451

ফটো: নৰ্থইষ্ট নাও।

ভাৰতীয় ৰাজনীতিৰ ইতিহাসত জৰ্জ ফাৰ্নাণ্ডেজৰ পিছতেই কাৰাগাৰৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হোৱা দ্বিতীয়জন ব্যক্তি অখিল গগৈ।

“কা” আন্দোলনৰ পৰাই সুদীৰ্ঘ প্ৰায় ১ বছৰ ৭ মাহ দিন কাৰাগাৰত কটাই  অৱশেষত আজি মুক্তি পালে অখিল গগৈয়ে।

ৰাষ্ট্ৰীয় অনুসন্ধান এজেন্সী চমুকৈ  নিয়া ( NIA )ৰ আদালতত চলি থকা সকলো গোচৰৰ পৰা দোষমুক্ত হোৱাৰ লগে লগে অসমৰ লগতে গোলাঘাটতো এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হ’ল।

গোলাঘাট আৱৰ্ত্ত ভৱনৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে  আতচবাজীৰে আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাইজৰ মাজত মিঠাই বিতৰণ কৰে।

উল্লেখ্য যে, অখিল গগৈৰ মুক্তিৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থকা আগমুহূৰ্ততো কৃষক নেতাজনৰ ওপৰত অতি অসন্মাজনকভাৱে মাওঁবাদীৰ দৰে সশস্ত্ৰ  সংগঠনৰে জড়িত থকা, বৰ্হিৰাজ্যলৈ গৰু চালান দিয়া বা হানি ট্ৰেপি‌ঙৰ দৰে ঘটনাত জড়িত থকাৰ গোচৰ তৰিছিল যদিও উপযুক্ত প্ৰমাণৰ অভাৱত আজি নিয়াৰ আদালতে কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়কজনক মুক্তি দিয়ে।

আজি আকস্মিকভাৱে জননেতা জনৰ মুক্তিৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যতে এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হ’য়।

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম  সমিতিৰ বিষয়ববীয়া সকলে আনন্দত আত্মহাৰা হৈ ৰাজপথলৈ ওলাই আহি বাটৰুৱা তথা সতীৰ্থৰ মাজত মিঠাই বিতৰণ কৰি আতচবাজীৰে এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰে।

কেন্দ্ৰীয় তথা ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (অসম) সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয়, ‘’অৱশেষত আজি “গণতন্ত্ৰৰ জয় হ’ল”। অখিল গগৈ ডাঙৰীয়াৰ ওপৰত যি নিৰৱিচ্ছিন্ন ষড়যন্ত্ৰ ৰচনা কৰিছিল, আজি সেইকথা জল জল-পট পটকৈ প্ৰমাণ হ’ল। যিহেতু অখিল গগৈয়ে জাতি ৰক্ষাৰ স্বাৰ্থতহে কা আন্দোলনেৰে জড়িত হৈছিল, বিজেপিয়ে যি অসম আৰু অসমবিৰোধী কা জাপি দিব বিচাৰিছিল তাৰ বিৰুদ্ধে গাওঁৰ ব্যক্তিজনৰ পৰা চহৰৰ শিক্ষকজনলৈকে সকলোকে একত্ৰিত কৰিছিল।‘’

তেওঁ লগতে কয়, ‘’আনকি বিজেপিৰ বহু সদস্যও অখিল গগৈৰ এই আন্দোলনৰ প্ৰতি সঁহাৰি জনাই ওলাই আহিছিল আৰু ব্যাপক ধৰণৰ এটা গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছিল। সেই আন্দোলনৰ ফলত বিজেপিয়ে যে দ্বিতীয় বাৰলৈ দিশপুৰ দখল কৰিব নোৱাৰিব সেইকথা স্পষ্ট হৈ পৰিছিল। অখিল গগৈ যাতে কোনো কাৰণতে হেঙাৰ হ’ব নোৱাৰে সেইকাৰণে  অখিল গগৈক মনেসজা কিছুমান ভুৱা গোচৰত আজি ১বছৰ ৭ মাহ দিন বন্দী কৰি ৰাখিছিল। আজি সেইকথা পানীৰ পোহৰৰ দৰে স্পষ্ট হ’ল।‘’