NORTHEAST NOW (Assamese)

মহানগৰীৰ ভিআইপি ৰোডত হিট এণ্ড ৰাণ কাণ্ডঃ থিতাতে নিহত এজন

March 27, 2024 12:08 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে নিশা গুৱাহাটী মহানগৰীৰ ভিআইপি ৰোডত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাইছে এজন ব্যক্তিয়ে।

প্ৰকাশিত খবৰ অনুসৰি ছয় মাইল অঞ্চলৰ পৰা আহি থকা অৱস্থাত তীব্ৰ গতিত চলাই অনা ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে বাইক আৰোহীজনক।

এই দুৰ্ঘটনাত বাইক আৰোহী লোকজনৰ থিতাতে মৃত্যু হয়। মৃত ব্যক্তিজনক ওদালগুৰি জিলাৰ টংলাৰ বাসিন্দা জিতু কলিতা বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাক চালকজনে দ্ৰুতবেগেৰে বাহনখন লৈ পলায়ন কৰে ঘটনাস্থলীৰ পৰা।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি স্থানীয় আৰক্ষীয়ে সদৰী কৰে।

Related News