“ছৰি ভুটান”!! স্মাৰক স্তূপত উঠা ভাৰতীয়ৰ হৈ ক্ষমা বিচাৰিলে কেৰালাৰ বাইকাৰে

sorryBhutan

ভুটান ভ্ৰমণ কৰিবলৈ যোৱা এজন ভাৰতীয় পৰ্য্যটকে দেশখনৰ ডচুলা পাছত থকা এটা স্মাৰক স্তূপত আৰোহণ কৰি ভুটানীসকলৰ অনুভূতিত আঘাত দিয়া বাবে ক্ষমা বিচাৰিলে আন কেইজনমান ভাৰতীয়ই।

কুৱেনছেল (kuenselonline.com) নামৰ ভুটানৰ নিউজ প’ৰ্টেলটোত ভাৰতীয় যুৱককেইজনৰ ফটোৰ সৈতে দিয়া বাতৰিটোত কোৱা হৈছে, “ভাৰতৰ পৰা অহা বাইকাৰৰ এটা দলে তেওঁলোকৰ ভাৰতীয় ভাইজনে ভুটানীসকলৰ অনুভূতিত আঘাত দিয়া আচৰণ কৰা বাবে ক্ষমা খুজিছে।”

ফটোত দেখা গৈছে নজনীয়া যুৱকৰ দলটোৱে “ছৰি ভুটান” বুলি লিখা দুখন ডাঙৰ কাৰ্ড প্ৰদৰ্শন কৰে। আন এখন কাৰ্ডত লিখে, “তোমালোক আমাৰ প্ৰতিৱেশ, আমি বন্ধু দেশ আৰু তোমালোকৰ ঐতিহ্য আৰু বিশ্বাসক সন্মান জনোৱাটো আৰু ইয়াক অপবিত্ৰ নকৰাকৈ ৰখাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব।”

যুৱককেইজন ভাৰতৰ কেৰালা প্ৰদেশখনৰ বুলি জানিবলৈ দি বাতৰিটোত তেওঁলোকৰ ভাষ্যও প্ৰকাশ কৰা হৈছে।

“আমি ভাৰতীয়, আমি দুঃখিত যে আন এজন ভাৰতীয়ই তোমালোকৰ বিশ্বাসত আঘাত সানিলে। সকলো ভাৰতীয় আমাৰ ভাই-ভনী আৰু এজন ভাৰতীয় পৰ্য্যটক হিচাপে আমি এজন ভাৰতীয়ই কৰা ভুলৰ বাবে ক্ষমা বিচাৰিছো।”, প্ৰণৱ বিশ্বনাথ নামৰ এজন বাইকাৰে কুৱেনছেলক কয়।

বাতৰি প্ৰতিষ্ঠানটোৰ সাংবাদিকে তেওঁলোকক কি কথাই এইদৰে ক্ষমা প্ৰাৰ্থনাৰ বাবে প্ৰেৰণা দিলে বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰণৱে কয় যে তেওঁলোক পৰ্য্যটক আৰু ভুটানলৈ আহিয়ে থাকিব।

“আমাক আপোনালোকৰ মৰম আৰু সহযোগিতা লাগিব”, তেওঁৰ মন্তব্য।

সাংবাদিকৰ আগত প্ৰণৱে পূৰ্বৰ ঘটনাটোক দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ইয়াৰ বাবে সকলো ভাৰতীয় পৰ্য্যটকক অপবাদ নিদিবলৈ আহ্বান জনাই কয়, “আমি বুদ্ধ আৰু বৌদ্ধ ধৰ্মীয় কাহিনীবোৰ ভাল পাওঁ”।

অক্টোবৰৰ মাজভাগত ভাৰতৰ যুৱক-যুৱতীৰ এটা পোন্ধৰজনীয়া দলে বাইকেৰে ভুটান ভ্ৰমণ কৰোতে তাৰ মাজৰ অভিজিত ৰতন হাজাৰে নামৰ যুৱকজনে ডচুলা পাছত এটা স্মাৰক স্তূপত উঠা দেখা গৈছিল। দলটো মহাৰাষ্ট্ৰৰ পৰা গৈছিল।

ইয়াৰ ভিডিঅ’টো ৰাজহুৱা হোৱাত যুৱকজনক ভুটান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে পিছত অজ্ঞানতাৰ বাবে ভুল কৰা বুলি স্বীকাৰ কৰি ক্ষমা বিচৰাত আৰক্ষীয়ে এৰি দিয়ে।

ডচুলা পাছত মুঠ ১০৮টা স্মাৰক স্তূপ নিৰ্ধাৰিত শৃংখলাত আছে আৰু এইবোৰ ভুটান ৰয়েল আৰ্মিৰ ১০৮জন চহিদ জোৱানৰ স্মৃতিত নিৰ্মাণ কৰা। আলফাৰ বিৰুদ্ধে চলা “অপাৰেশ্যন অল ক্লিয়েৰ” সশস্ত্ৰ অভিযানৰ সময়ত মৃত্যু হৈছিল।