NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদীক ঝালমুৰি খুৱাই বিপদত বিক্ৰেতা বিক্ৰম ছাও

May 22, 2026 5:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 22, 2026 7:03 pm

পশ্চিমবংগৰ ঝাৰগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঝালমুৰি খুৱাই এতিয়া বিপদত পৰিছে এগৰাকী সাধাৰণ বিক্ৰেতা। বিক্ৰম ছাও নামৰ এই ঝালমুৰি বিক্ৰেতাগৰাকীয়ে শেহতীয়াকৈ পাকিস্তান আৰু বাংলাদেশৰ পৰা প্ৰাণে মৰাৰ ভাবুকি লাভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

বিক্ৰেতাগৰাকীয়ে জানিবলৈ দিয়া মতে, যোৱা কেইদিনমান ধৰি তেওঁলৈ অচিনাকি আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা দৈনিক ফোন আহি আছে। তেওঁ আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে। তেওঁ কয় যে পাকিস্তান আৰু বাংলাদেশৰ পৰা ভিডিঅ’ আৰু ফোন কলৰ জৰিয়তে তেওঁক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। ভিডিঅ’ কল কৰা লোকসকলে অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰি তেওঁক ভয় খুৱাবলৈ চেষ্টা কৰিছে আৰু ভয়ংকৰ পৰিণামৰ সন্মুখীন হ’ব বুলি সকীয়াই দিছে।

তেওঁ লগতে কয় যে ফোন কৰা লোকসকলে প্ৰথমে ধৰ্মীয় সম্বোধন কৰে আৰু তাৰ পিছত হত্যাৰ ভাবুকি দিয়ে। হোৱাটছএপ মেছেজৰ জৰিয়তেও তেওঁ জীয়াই আছে নে নাই সুধি বোমা বিস্ফোৰণত তেওঁক মৰা হ’ব বুলি কোৱা হৈছে। উল্লেখযোগ্য যে যোৱা ১৯ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে বিক্ৰমৰ দোকানত ৰৈ ঝালমুৰি খাইছিল। মুৰি, জলকীয়া, পিয়াঁজ আৰু মিঠাতেল দি বনোৱা এই ঝালমুৰি খোৱাৰ ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে পইচা দিবলৈ বিচৰাত বিক্ৰমে প্ৰথমে ল’বলৈ অস্বীকাৰ কৰিছিল যদিও পিছত জোৰ কৰাত গ্ৰহণ কৰিছিল।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পিছতেই বিক্ৰম ছাও চৰ্চালৈ আহিছিল। অৱশ্যে ভাবুকি দিয়া লোকসকলে প্ৰধানমন্ত্ৰীৰ কথা একো উল্লেখ কৰা নাই, কিন্তু প্ৰধানমন্ত্ৰীৰ আগমণৰ পিছৰ পৰাই এই ফোনবোৰ আহিবলৈ ধৰিছে বুলি তেওঁ স্পষ্ট কৰিছে। বৰ্তমান আৰক্ষীয়ে তেওঁক আৰু তেওঁৰ পৰিয়ালক নিৰাপত্তা প্ৰদান কৰিছে আৰু তেওঁলোকৰ ঘৰত পহৰা দিছে। বিষয়াসকলে জনোৱা মতে ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে।

Related News