ৰাজ্যখনত তাই ভাষাৰ গৱেষণা আৰু অধ্যয়ন তথা চৰ্চাৰ অগ্ৰণী ব্যক্তি, ২০১৭ বৰ্ষৰ চ্যুকাফা বঁটা প্ৰাপক বিমল বৰপাত্ৰ গোহাঁইৰ আজি মৃত্যু হয়। শিৱসাগৰৰ শিমলুগুৰিৰ পৰা পৰিয়ালৰ সূত্ৰই জনোৱামতে, ৯২ বছৰ বয়স হোৱা বৰপাত্ৰ গোহাঁই ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিল।
বৰপাত্ৰ গোহাঁই তাই ভাষাৰ এজন ডাঙৰ পণ্ডিত আছিল। লগতে বুৰঞ্জীবিদো আছিল। আজীৱন সাধনাৰ মাজেৰে তেওঁ তাই ভাষাৰ কেইবাখনো গ্ৰন্থ যুগুতাই গৈছে। তেওঁ আহোম-আসমীয়া ভাষাৰো কেইবাখন পুথি প্ৰণয়ন কৰিছে। তাই ভাষা-সাহিত্য আৰু সমাজলৈ আগ বঢ়োৱা অতুলনীয় অৱদানৰ বাবেই অসম চৰকাৰে তেওঁক যোৱা বছৰৰ চ্যুকাফা বঁটা প্ৰদান কৰিছিল।
বিমল ফুকন বৰপাত্ৰ গোহাঁইৰ জন্ম হৈছিল ১৯৩০ চনত শিৱসাগৰৰে দৰিকিয়াল গাৱঁত। তেওঁ পেচাত এজন শিক্ষক আছিল। প্ৰথমে তেওঁ টেঙাপুখুৰী হাইস্কুলত শিক্ষকতা কৰি পিছত ১৯৫৬ চনত শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগাদান কৰে আৰু ১৯৯০ চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেওঁ আহোম ভাষাৰ চৰ্চা আৰু উন্নয়নৰ কামত অধিক গভীৰ মনোযোগেৰে লাগে।
মৃত্যুৰ সময়ত তেওঁ দুজন পুতেক, দুগৰাকী বোৱাৰীয়েক আৰু নাতি-পুতিক এৰি গৈছে।
বিমল বৰপাত্ৰ গোহাঁইৰ মৃত্যুত মুখ্য মন্ত্ৰীৰ শোকপ্ৰকাশ
তাই গৱেষক, পণ্ডিত বিমল বৰপাত্ৰ গোহাঁইৰ মৃত্যুৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্য মন্ত্ৰীজনে কয় যে তাই পণ্ডিতজনে তাই ভাষাৰ গৱেষণা আৰু প্ৰণোদনৰ বাবে গুৰুত্বপূৰ্ণ বৰঙনি আগ বঢ়াই গৈছে। “তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি।” সোণোৱালে এটা বিবৃতিত কয়।
তাই সাহিত্য সভা গঠনত অগ্ৰণী ভূমিকা লোৱাৰ লগতে পণ্ডিতজনে তাই ভাষাৰ কেইবাখনো গ্ৰন্থও লিখি গৈছে। সমাজলৈ তেওঁৰ মূল্যৱান বৰঙনি সদায়ে সমাজে মনত ৰাখিব। বিবৃতিটোত এইদৰে কোৱা হৈছে।