DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট তাই গৱেষক-পণ্ডিত, চ্যুকাফা বঁটা প্ৰাপক বিমল বৰপাত্ৰ গোহাঁইৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2018 5:02 pm
Sukapha_2-678x509

চ্যুকাফা বঁটা প্ৰাপক সদ্য প্ৰয়াত বিমল বৰপাত্ৰ গোহাঁই।

317
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত তাই ভাষাৰ গৱেষণা আৰু অধ্যয়ন তথা চৰ্চাৰ অগ্ৰণী ব্যক্তি,  ২০১৭ বৰ্ষৰ চ্যুকাফা বঁটা প্ৰাপক বিমল বৰপাত্ৰ গোহাঁইৰ আজি মৃত্যু হয়। শিৱসাগৰৰ শিমলুগুৰিৰ পৰা পৰিয়ালৰ সূত্ৰই জনোৱামতে, ৯২ বছৰ বয়স হোৱা বৰপাত্ৰ গোহাঁই ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিল।

বৰপাত্ৰ গোহাঁই তাই ভাষাৰ এজন ডাঙৰ পণ্ডিত আছিল। লগতে বুৰঞ্জীবিদো আছিল। আজীৱন সাধনাৰ মাজেৰে তেওঁ তাই ভাষাৰ কেইবাখনো গ্ৰন্থ যুগুতাই গৈছে। তেওঁ আহোম-আসমীয়া ভাষাৰো কেইবাখন পুথি প্ৰণয়ন কৰিছে। তাই ভাষা-সাহিত্য আৰু সমাজলৈ আগ বঢ়োৱা অতুলনীয় অৱদানৰ বাবেই অসম চৰকাৰে তেওঁক যোৱা বছৰৰ চ্যুকাফা বঁটা প্ৰদান কৰিছিল।

বিমল ফুকন বৰপাত্ৰ গোহাঁইৰ জন্ম হৈছিল ১৯৩০ চনত শিৱসাগৰৰে দৰিকিয়াল গাৱঁত। তেওঁ পেচাত এজন শিক্ষক আছিল। প্ৰথমে তেওঁ টেঙাপুখুৰী হাইস্কুলত শিক্ষকতা কৰি পিছত ১৯৫৬ চনত শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগাদান কৰে আৰু ১৯৯০ চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেওঁ আহোম ভাষাৰ চৰ্চা আৰু উন্নয়নৰ কামত অধিক গভীৰ মনোযোগেৰে লাগে।

মৃত্যুৰ সময়ত তেওঁ দুজন পুতেক, দুগৰাকী বোৱাৰীয়েক আৰু নাতি-পুতিক এৰি গৈছে।

বিমল বৰপাত্ৰ গোহাঁইৰ মৃত্যুত মুখ্য মন্ত্ৰীৰ শোকপ্ৰকাশ

তাই গৱেষক, পণ্ডিত বিমল বৰপাত্ৰ গোহাঁইৰ মৃত্যুৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্য মন্ত্ৰীজনে কয় যে তাই পণ্ডিতজনে তাই ভাষাৰ গৱেষণা আৰু প্ৰণোদনৰ বাবে গুৰুত্বপূৰ্ণ বৰঙনি আগ বঢ়াই গৈছে। “তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি।” সোণোৱালে এটা বিবৃতিত কয়।

তাই সাহিত্য সভা গঠনত অগ্ৰণী ভূমিকা লোৱাৰ লগতে পণ্ডিতজনে তাই ভাষাৰ কেইবাখনো গ্ৰন্থও লিখি গৈছে। সমাজলৈ তেওঁৰ মূল্যৱান বৰঙনি সদায়ে সমাজে মনত ৰাখিব। বিবৃতিটোত এইদৰে কোৱা হৈছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd