পৰিবেশ সজাগতা সৃষ্টিৰ বাবে তামুলপুৰৰ এগৰাকী অভিযন্তাৰ অভিনৱ পদক্ষেপ; চাইকেলেৰে ঝাৰখণ্ডলৈ আৰম্ভ কৰিলে প্ৰদূষণ মুক্ত যাত্ৰা

Bimal Huzuri tamulpur

বিমল হুজুৰী

গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিবেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাক্সা জিলাৰ তামুলপুৰৰ এজন উদীয়মান অভিযন্তাই চাইকেলেৰে অসমৰ পৰা সুদূৰ ঝাৰখণ্ডলৈ যাত্ৰা আৰম্ভ কৰিছে।

মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী তামুলপুৰৰ বিমল হুজুৰী নামৰ যুৱকজনে পৰিবেশ সজাগতা আৰু গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সোমবাৰে তামুলপুৰৰ পৰা চাইকেলেৰে ঝাৰখণ্ডৰ বাবা বৈদ্য নাথ ধাম অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।

যাত্ৰাকালত নিজৰ একমাত্ৰ সংগী চাইকেলখনেৰে তেওঁ অতিক্ৰম কৰিব প্ৰায় ১৮০০ কিলোমিটাৰ পথ। সোমবাৰে ৰাতিপুৱা তামুলপুৰৰ পৰা যাত্ৰাৰ শুভাৰাম্ভ কৰা বিমল হুজুৰীয়ে গধূলী বঙাইগাঁৱত উপস্থিত হৈ আজি ৰাতিপুৱাই পুনৰ যাত্ৰা আৰম্ভ কৰে।

নিজৰ অভিনৱ যাত্ৰা সম্বন্ধে সংবাদ মাধ্যমৰ আগত যুৱকজনে পৃথিৱীত অতিমাত্ৰা যান-বাহনৰ ব্যৱহাৰৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। তেওঁ লগতে মানুহক চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবৰ বাবে আহ্বান জনাই কয় যে চাইকেলে কোনো ধৰণৰ পৰিবেশ প্ৰদূষণ নকৰে আৰু ইয়াৰ দ্বাৰা নিজৰ স্বাস্থ্যও ভালে ৰাখিব পৰা যায়।

সৰুৰে পৰা শিৱ ভক্ত বিমলে প্ৰকাশ কৰা মতে মহাদেৱে কৈলাশ পৰ্বতত বাস কৰাৰ অৰ্থ হ’ল আমাৰ বাসস্থানসমূহ সেউজীয়া কৰি ৰখাৰ এক প্ৰতীকি উপস্থাপন যাক আমাৰ ভবিষ্যত প্ৰজন্মই পালন কৰিব পৰা নাই আৰু অবাধে গছ-গছনি ধ্বংস কৰিছে যি কৰ্মই ভবিষ্যত প্ৰজন্মৰ ক্ষতিসাধনহে কৰিব।

২০০৯ চনত তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বিমল হুজুৰীয়ে ত্ৰিপুৰাৰ আই চি এফ এ আই য়ুনিৰ্ভাচিটিৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰি নৱ-প্ৰজন্মৰ মাজত পুনৰ চাইকেলৰ প্ৰচলন বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে।

বিমলৰ বিশ্বাস ভাৰতৰ নতুন প্ৰজন্মই পুনৰ চাইকেলক আদৰি লব আৰু এখন প্ৰদূষণ মুক্ত সেউজীয়া  পৃথিৱী গঢ়াৰ বাবে আগবাঢ়ি আহিব।