আহি আছে ‘সম্পূৰ্ণ’ পৰেশ বৰুৱা! কথাটোনো কি?

Paresh-Baruah-1-750x375-2

পৰেশ বৰুৱা আহি আছে। আৰু মাত্ৰ ২০-২৫ দিনৰ ভিতৰতে অসমৰ গাঁৱে-ভূঞে বিচৰণ কৰিব পৰেশ বৰুৱাই।

অৱশ্যে সোঁ-শৰীৰে নহয়, এখন গ্ৰন্থৰ ৰূপত পৰেশ বৰুৱাক হাতৰ কাষতে পাব অসমৰ ৰাইজে।

হয়, পৰেশ বৰুৱা জীৱনকলৈ এখন গ্ৰন্থ ৰচনা হৈ আছে।

আলফাৰ মুখ্য সেনাধ্যক্ষ গৰাকীৰ জীৱনৰ নানা দিশ সামৰি প্ৰস্তুত কৰি থকা গ্ৰন্থ খন শীঘ্ৰে অসমৰ ৰাইজৰ হাতত পৰিব। এই কথা নিজ মুখে প্ৰকাশ কৰিছে পৰেশ বৰুৱাই।

ৰাষ্ট্ৰীয় ৱেব প’ৰ্টেল দ্য প্ৰিণ্টক দিয়া এক টেলিফোনিক সাক্ষাৎকাৰত পৰেশ বৰুৱাই কৈছে যে অসমৰ কেইগৰাকীমান উদীয়মান যুৱকে পৰেশ বৰুৱাৰ জীৱনী লিখি আছে।

এই জীৱনীত পৰেশ বৰুৱাৰ কেৱল সংগ্ৰামী জীৱনৰ কথাই সন্নিবিষ্ট নহ’ব, ইয়াত থাকিব পৰেশ বৰুৱাৰ শৈশৱ-যৌৱন আদিৰো নানান বিচিত্ৰ কথা। গ্ৰন্থ খনৰ নাম কি হ’ব সেয়া অৱশ্য তেওঁ প্ৰকাশ কৰা নাই।

এটা সময়ত পৰেশ বৰুৱা এগৰাকী ভাল ফুটবল খেলুৱৈ আছিল। অইল ইণ্ডিয়াৰ হৈ তেওঁ ফুটবল খেলিছিল।

কিন্তু স্ব-জাতি আৰু স্ব-দেশৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে তেওঁ সশস্ত্ৰ বিপ্লৱৰ কাঁইটীয়া পথত ভৰি দিছিল। নান ঘাত-প্ৰতিঘাতৰ মাজৰে তেওঁ সেই সংগ্ৰামৰ ধাৰা আজিও অব্যাহত ৰাখিছে।

ৰাষ্ট্ৰীয় ৱেব প’ৰ্টেলটোক দিয়া সাক্ষাৎকাৰত পৰেশ বৰুৱাই কৈছে যে সত্য বোৰ সত্য হিচাবে উপস্থাপন কৰিলেহে মানুহে সেয়া আদৰি ল’ব।

সেয়ে এদল যুৱকে লিখি থকা তেওঁৰ জীৱনী খনত সকলো কথাই সত্যৰ ৰূপত উপস্থাপন কৰা হ’ব, যাতে অসমৰ ৰাইজে তাক বিশ্বাসেৰে আদৰি লয়।

গ্ৰন্থ খনৰ কাম এতিয়া প্ৰায় শেষ পৰ্যায়ত থকা বুলি উল্লেখ কৰি পৰেশ বৰুৱাই কৈছে যে এমাহ বা ২০ দিনৰ ভিতৰতে গ্ৰন্থ খন ৰাইজৰ মাজলৈ উলিয়াই দিব পৰা যাব।

বাতৰি অনুসৰি পৰেশ বৰুৱাৰ জীৱনী এখন বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাঞিৰ নেতৃত্বত এদল উদ্যমী যুৱকে প্ৰস্তুত কৰাৰ কথা আছিল যদিও পিছলৈ নানান কাৰণত সেই পৰিকল্পনা বাদ দিয়া হৈছিল।

এতিয়া আন এদল যুৱকে প্ৰস্তুত কৰি আছে সেই গ্ৰন্থ খন। পৰেশ বৰুৱাৰ জীৱনী খনে ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।