অসমীয়া জাতিৰ আয়ুস ৰেখা অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র অসমীয়াই ঐক্যবদ্ধ হৈ ব্যৰ্থ কৰিব লাগিব- লাচিত সেনা

Bir Lachit Sena Asom

আজি বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি অসমীয়া জাতিৰ আয়ুস ৰেখা অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র অসমীয়াই ঐক্যবদ্ধ হৈ ব্যৰ্থ কৰিবলৈ আহ্বান জনায়।

সংবাদ মেলত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু পানীফুকনে বিজেপি চৰকাৰৰ জাতীয় দায়বদ্ধতা সন্দেহজনক বুলিও উল্লেখ কৰে।

ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্রশ্নকাকত প্রত্যাহাৰৰ সিদ্ধান্ত আৰু অসমত চিবিএছইৰ অধীনত ইংৰাজী ভাষাৰ বিদ্যালয় প্রতিষ্ঠাৰ চৰকাৰী ঘোষণাই বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগানৰ অন্তঃসাৰশূণ্যতাক উদঙাই দিছে বুলি মন্তব্য কৰে পানীফুকনে।

ৰন্টু পানীফুকনে কয় “ভাষা জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব আৰু আইৰ মুখৰ ভাষা ৰক্ষাৰ বাবে বীৰ লাচিত সেনা, অসমে বিজেপি চৰকাৰে অসমীয়া ভাষাৰ অস্তিত্ব সংকটলৈ ঠেলি দিব পৰা হঠকাৰী সিদ্ধান্তসমূহ প্রত্যাহাৰ কৰাৰ বাবে ৰাজ্যজুৰী ধাৰাবাহিক গণ-আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব য’ত অসম আৰু অসমীয়াৰ স্বাৰ্থত আপোচহীন, জাতীয় দায়বদ্ধতা থকা সকলো জাতীয় জনগোষ্ঠীয় দল-সংগঠন, সাহিত্যিক-সাংবাদিক-বুদ্ধিজীৱী একেখন মঞ্চত থিয় হোৱাটো সময়ৰ দাবী।

ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ৰাজনৈতিক উদ্দেশ্যত গ্ৰহণ কৰা প্ৰতিটো অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত প্রত্যাহাৰ কৰিব লাগিব আৰু সেয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আইৰ মুখৰ ভাষাৰ মৰ্যদা ৰক্ষাৰ বাবে প্ৰতিজন অসমীয়াই বীৰ লাচিত সেনাই ঘোষণা কৰা এই আন্দোলনৰ কাৰ্যসূচীৰ অংশীদাৰ হ’ব।”

বীৰ লাচিত সেনাৰ মুখ্য সচিৱ গৰাকীয়ে অসমীয়া ভাষাৰ বিৰুদ্ধে বিজেপি চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্ত প্রত্যাহাৰৰ দাবীত আৰু অসমত অসমীয়া ভাষাৰ বিকাশ, প্ৰসাৰ আৰু বিশ্ব দৰবাৰত ভাষাটোৰ প্ৰতিষ্ঠাৰ বাবে এলানি কাৰ্যসূচীৰ ঘোষণা কৰে আৰু ২০২২ বৰ্ষৰ জানুৱাৰী ৩ তাৰিখৰ পৰাই ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ভাষাৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত প্রত্যাহাৰৰ দাবী উত্থাপন কৰে।