‘ৰাইজৰ দল’ৰ পৰা সঁচাকৈ সমৰ্থন উঠাই ল’লে নেকি ‘বীৰ লাচিত সেনা’ই ? স্পষ্টীকৰণ কেন্দ্ৰীয় নেতৃত্বৰ

WhatsApp-Image-2020-10-02-at-1.03.40-PM

ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে যে বীৰ লাচিত সেনা অসমে ‘ৰাইজৰ দল’ৰ পৰা সমৰ্থন উঠাই ল’লে।

কিন্তু এয়া একেবাৰে ‘অসত্য বাতৰি’ বুলি দাবী কৰিছে বীৰলাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনে।

ছ’চিয়েল মেডিয়াত এক ভিডিঅ’যোগে পানীফুকনে কয় ‘খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষাৰ বাবে যাতে ৰাইজৰ দলে এক নিৰ্ণায়ক ভুমিকা ল’ব পাৰে সেইকাৰণে বীৰ লাচিত সেনা অসম এই দলটোৰ সৈতে জড়িত হৈছো। ভৱিষ্যতেও সাম্প্ৰদায়িক তথা ৰাষ্ট্ৰীয় শক্তিৰ বিৰুদ্ধে কিদৰে যুঁজিব পাৰি তাৰ প্ৰচেষ্টা হাতত ল’ম।‘

ইপিনে, নামনি অসমৰ জিলা সমিতি কেইখনমানেহে এই সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘কেন্দ্ৰীয় নেতৃত্বলৈ তেওঁলোকে সিদ্ধান্তসমূহ প্ৰেৰণ নকৰি পোনে পোনে সংবাদমাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিলে। সেয়েহে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সেই জিলা সমিতিসমূহৰক কৈফয়ৎ তলৱ কৰি জাননী জাৰি কৰা হৈছে।‘

ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে সংযুক্ত হোৱাৰ সময়তেই ‘বীৰ লাচিত সেনা’ অসমৰ প্ৰাথমিক চৰ্ত আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকৰ চৰ্ত অনুসৰি আমছু এই প্ৰক্ৰিয়াৰ সৈতে জড়িত থাকিব নোৱাৰিব।

‘আমছুৰ যেতিয়া গঠিত হৈছিল তেওঁলোকৰ সমগ্ৰ বিষয়টো খিলঞ্জীয়া বিৰোধী আছিল। সেয়েহে আমি আমছুক আওতাৰ বাহিৰত ৰাখিছিলো। তেওঁলোকেও প্ৰতিশ্ৰুতি দিছিল যে আমছু এই আওতাৰ পৰা বাহিৰত থাকিব।‘ পানীফুকনে এইদৰে কয়।

ৰাইজৰ দলে যেতিয়ালৈকে খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি যাব সেই পৰ্যন্ত বীৰ লাচিত সেনা অসম এই ৰাজনৈতিক দলত থাকিব বুলি পানীফুকনে দাবী কৰে।

তেওঁ আৰু কয় ‘ৰাইজৰ দলৰ সৈতে বীৰ লাচিত সেনা অসম জড়িত হৈ আছে আৰু সন্মুখৰ পৰা নেতৃত্ব দিব।‘

উল্লেখযোগ্য যে, বীৰ লাচিত সেনাৰ নামনি অসমৰ শাখাই ৰাইজৰ দলৰ প্ৰসংগত মুকলিকৈ বিদ্ৰোহ কৰিছিল।

মঙলবাৰে এখন বৈঠক আহ্বান কৰি নামনি অসম শাখাই কৈছিল যে ‘আমছুকে ধৰি মিঞা মূলৰ মুছলমানসকল আজি ৭০ সংগঠনৰ লগত আছে। তেওঁলোকৰ সংবিধান মতে আমাৰ সৈতে কোনো বংগমূলীয় মুছলমান সদস্য থাকিব নোৱাৰে। তেনেস্থলত কেনেকৈ আমি ৰাইজৰ দললৈ গৈ মুছলমানৰ লগত থাকিব।’

জানিব পৰা মতে নামনি অসমৰ কামৰূপ, বঙাইগাঁও, বৰপেটা, নলবাৰীকে আদি কৰি নামনি অসমৰ জিলাকেইখনে এই কাৰ্যৰ বিৰোধ কৰিছে।

তেওঁলোকৰ দাবী ‘কৃষক মুক্তি, ৭০ সংগঠনৰ দলৰ ওপৰত সমৰ্থন আৰু আস্থা নাই। কৃষক মুক্তিয়ে জন্মৰে পৰা মিঞাক সুৰক্ষা দি আছে। এতিয়াও তেওঁলোকৰ দলত বংগমূলীয়া মুছলমানৰ প্ৰয়োভৰ ঘটিছে।’

কিন্তু ইতিমধ্যে, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু পানীফুকনে স্পষ্ট কৰি দিলে যে আমছু ‘ৰাইজৰ দল’ত নাই।