সদৌ অসম আহোম সভাৰ উদ্যোগত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদযাপন

সদৌ অসম আহোম সভাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদযাপন।

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত ১০ ডিচেম্বৰৰ পৰা ১৭ তাৰিখলৈকে সাতদিনীয়াকৈ অনুষ্ঠিত হৈ থকা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী কাৰ্যসূচীৰ আজি ষষ্ঠ দিন ।

পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে উদযাপন সমিতিয়ে আজি পুৱা ডেৰশ খন পতাকা উত্তোলন কৰি সাহিত্য কাণ্ডাৰী জনলৈ সশ্ৰদ্ধ প্ৰণাম জনাই লগতে মৈদাম তৰ্পণ কৰে ।

অনুষ্ঠানত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় আৰু বিশিষ্ট অতিথি হিচাপে আজি উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং । অৰণ্য মানৱ জনে সংবাদ মাধ্যমৰ কয় যে , সাহিত্য কাণ্ডাৰী জনলৈ সন্মান জনাই অসমীয়া ভাষাটো ৰক্ষা কৰাৰ দায়িত্ব আমি বহন কৰা উচিত ‌।

নিজৰ সন্তানক মাতৃভাষাৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাই অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰা উচিত । যাতে আমাৰ মাতৃভাষাটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা যায় ।

অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী কাৰ্যসূচীৰ অন্যতম আকৰ্ষণীয় এই কাৰ্যসূচীত গ্ৰন্থমেলা, কুইজ,কবিতা আবৃত্তি আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা এই সপ্তাহ জোৰা জন্ম জয়ন্তী উৎসৱ অহা ১৬ ডিচেম্বৰত অন্ত পৰিব।