NORTHEAST NOW (Assamese)

খুমটাইত কংগ্ৰেছ নেতাক আক্ৰমণৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া বিস্মিতা গগৈৰ; বিজেপিলৈ সকীয়নি

March 23, 2021 9:50 am · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

গোলাঘাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত হিংসা আৰু অবৈধ ধন লেনদেনৰ দৰে ঘটনা যেন ক্ৰমাৎ বৃদ্ধি পাইছে।

যোৱা নিশা পুনৰ তেনে এক ঘটনাই খুমটাইৰ কংগ্ৰেছ শিৱিৰত জোকাৰণি তুলিছে।

গোলাঘাট জিলাৰ খুমটাই সমষ্টিত ইটোৰ পিছত সিটো নিৰ্বাচনকেন্দ্ৰিক সংঘাত ঘটি আছে। পুনৰ বাৰ বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।

খুমটাই সমষ্টিৰ হাতীয়েখোৱাত সংঘটিত হৈছে এই নিৰ্বাচনী হিংসা।

কংগ্ৰেছৰ দক্ষিণ গুৰুযোগোনীয়া মণ্ডলৰ সভাপতি ৰন্টু দত্তক বিজেপি কৰ্মী দ্বাৰা প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে।

নিৰ্বাচনী প্ৰচাৰ চলাই ঘৰলৈ গৈ থকা অৱস্থাত ১৫- ১৬ জনীয়া এটা যুৱকৰ দলে খেদি খেদি ৰ’ডেৰে প্ৰহাৰ কৰে ৰন্টু দত্তক। যুৱকৰ দলটোৱে প্ৰহাৰ কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

প্ৰহাৰ কৰা যুৱকৰ দলটো বিজেপিৰ কাৰ্যকৰ্তা বুলি অভিযোগ কৰিছে কংগ্ৰেছ কৰ্মীৰ লগতে খুমটাই সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিস্মিতা গগৈয়ে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰন্টু দত্তক গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

খুমটাইত কংগ্ৰেছ কৰ্মীক বাৰে বাৰে আক্ৰমণ কৰাক লৈ বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিস্মিতা গগৈয়ে। সংবাদ মাধ্যমৰ আগত চৰম ক্ষোভ উজাৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

মানৱীয় জীৱনতকৈ নিৰ্বাচন কেতিয়াও উৰ্ধত হ’ব নোৱাৰে। জীৱন দিব নোৱাৰে যেতিয়া জীৱন লোৱাৰ কাৰো অধিকাৰ নাই বুলি আৱেগিক মন্তব্য কৰি খুমটাই বিধায়কজনলৈ অভিযোগৰ আঙুলি তোলে।

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ সাঙ্গো-পাঙ্গোক হুংকাৰ প্ৰদান কৰি বিধায়কজনৰ গুণ্ডাৰাজত অতিষ্ঠ হৈ সমগ্র ঘটনাৰ উচিত তদন্ত বিচাৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, খুমটাই সমষ্টিত দৈনিক নিৰ্বাচনকেন্দ্ৰিক সংঘাত হৈ থকাৰ পিছতো নিৰ্বাচনী আয়োগে কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰাৰ অভিযোগ তোলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

Related News