• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খুমটাইত কংগ্ৰেছ নেতাক আক্ৰমণৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া বিস্মিতা গগৈৰ; বিজেপিলৈ সকীয়নি

‘’মানুহৰ জীৱনতকৈ নিৰ্বাচন কেতিয়াও উৰ্ধত নহয়, জীৱন দিব যেতিয়া নোৱাৰে, জীৱন লোৱাৰো কাৰো অধিকাৰ নাই"

NE NOW NEWS মীনাক্ষী ফুকন
গোলাঘাট , March 23, 2021 9:50 am

2 min read

Khumtai incident

ফটো: নৰ্থইষ্ট নাও।

891
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত হিংসা আৰু অবৈধ ধন লেনদেনৰ দৰে ঘটনা যেন ক্ৰমাৎ বৃদ্ধি পাইছে।

যোৱা নিশা পুনৰ তেনে এক ঘটনাই খুমটাইৰ কংগ্ৰেছ শিৱিৰত জোকাৰণি তুলিছে।

গোলাঘাট জিলাৰ খুমটাই সমষ্টিত ইটোৰ পিছত সিটো নিৰ্বাচনকেন্দ্ৰিক সংঘাত ঘটি আছে। পুনৰ বাৰ বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।

খুমটাই সমষ্টিৰ হাতীয়েখোৱাত সংঘটিত হৈছে এই নিৰ্বাচনী হিংসা।

কংগ্ৰেছৰ দক্ষিণ গুৰুযোগোনীয়া মণ্ডলৰ সভাপতি ৰন্টু দত্তক বিজেপি কৰ্মী দ্বাৰা প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে।

নিৰ্বাচনী প্ৰচাৰ চলাই ঘৰলৈ গৈ থকা অৱস্থাত ১৫- ১৬ জনীয়া এটা যুৱকৰ দলে খেদি খেদি ৰ’ডেৰে প্ৰহাৰ কৰে ৰন্টু দত্তক। যুৱকৰ দলটোৱে প্ৰহাৰ কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

প্ৰহাৰ কৰা যুৱকৰ দলটো বিজেপিৰ কাৰ্যকৰ্তা বুলি অভিযোগ কৰিছে কংগ্ৰেছ কৰ্মীৰ লগতে খুমটাই সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিস্মিতা গগৈয়ে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰন্টু দত্তক গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

খুমটাইত কংগ্ৰেছ কৰ্মীক বাৰে বাৰে আক্ৰমণ কৰাক লৈ বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিস্মিতা গগৈয়ে। সংবাদ মাধ্যমৰ আগত চৰম ক্ষোভ উজাৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

মানৱীয় জীৱনতকৈ নিৰ্বাচন কেতিয়াও উৰ্ধত হ’ব নোৱাৰে। জীৱন দিব নোৱাৰে যেতিয়া জীৱন লোৱাৰ কাৰো অধিকাৰ নাই বুলি আৱেগিক মন্তব্য কৰি খুমটাই বিধায়কজনলৈ অভিযোগৰ আঙুলি তোলে।

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ সাঙ্গো-পাঙ্গোক হুংকাৰ প্ৰদান কৰি বিধায়কজনৰ গুণ্ডাৰাজত অতিষ্ঠ হৈ সমগ্র ঘটনাৰ উচিত তদন্ত বিচাৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, খুমটাই সমষ্টিত দৈনিক নিৰ্বাচনকেন্দ্ৰিক সংঘাত হৈ থকাৰ পিছতো নিৰ্বাচনী আয়োগে কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰাৰ অভিযোগ তোলে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd