বিশ্বনাথ কাণ্ড : বৰপেটাত মুখ্য মন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰতিমূৰ্তি দাহ

IMG-20190410-WA0012

ফটো : নৰ্থ-ইষ্ট নাও

যোৱা ৭ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত গো মাংস বিক্ৰী কৰাৰ বাবেই এগৰাকী স্থানীয় ব্যৱসায়ীক একাংশ দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰাৰ পিছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিয়ে।

এই ক্ষেত্ৰত দীৰ্ঘ সময় পাৰ হৈ যোৱাৰ পাছতো অসমৰ গৃহ বিভাগ তথা বিশ্ব নাথ পুলিচ প্ৰশাসনে দোষীৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত বৰপেটা জিলাৰ জনীয়া তিনিআলিত অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্যৰে পৰিবেশ অস্থিৰ কৰি ৰখা ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰীয়ে কয় যে বিজেপি চৰকাৰে আৰ এছ এছ আৰু উগ্ৰ হিন্দুত্ববাদীৰ একাংশ দুস্কৃতিকাৰীৰ জৰিয়তে ৰাজ্যত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভাৱে হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ বাবে এনে ঘৃণনীয় কাণ্ড সংঘটিত কৰিছে।

পুত্তলিকা দাহ কৰা মূহুৰ্তত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায়, সংখ্যালঘু সংগ্ৰাম পৰিষদ জিন্দাবাদ আদি ধ্বনিৰে জনীয়াৰ পৰিবেশ উত্তাল কৰি তোলে।