বিশ্বনাথত পূৱ ভৰলী মটৰ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী 

ফটো : নৰ্থ-ইষ্ট নাও

সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ নিৰ্দেশ মৰ্মে আজি বিশ্বনাথ জিলা পূব ভৰলী মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো যান বাহন বন্ধ ৰাখি বিভিন্ন দাবীৰে ৰাজ পথত ওলাই আহে।

পূব ভৰলী মটৰ শ্ৰমিক সন্থাৰ বিষয়ববীয়া সকলে সমদল কৰি বিশ্বনাথ জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাক এক স্মাৰক পত্ৰ প্ৰদান কৰে।

এই স্মাৰক পত্ৰৰ জৰিয়তে পূৱ ভৰলী মটৰ শ্ৰমিক সন্থাই চৰকাৰক দাবী জনাই যে মটৰ শ্ৰমিক সকলৰ চিকিৎসা সেৱাৰ বাবে দুই লাখ, দুৰ্ঘটনাত মৃত্যু হলে পাঁচ লাখ পৰ্যন্ত সাহায্য প্ৰদান কৰা মটৰ শ্ৰমিক সকলৰ ল’ৰা-ছোৱালীৰ পঢ়াশুনাৰ বাবদ নৱম শ্ৰেনীত পাঁচ হাজাৰৰ পৰা স্নাতক পৰ্যন্ত বিশ হাজাৰ পৰ্যন্ত প্ৰদান কৰা।

ইয়াৰ উপৰি মটৰ শ্ৰমিক সকলৰ সন্তান সকলৰ বিবাহৰ সময়ত ত্ৰিশ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা আৰু মটৰ শ্ৰমিক সকলৰ ষাঠি বছৰৰ পৰা মাহে ১৫০০ টকাকৈ প্ৰদান কৰাৰ লগতে মটৰ শ্ৰমিক সকলৰ মৃত্যুৰ পিছত শ্ৰমিক সকলৰ পৰিবাৰক পেঞ্চনৰ পঞ্চাশ শতাংশ প্ৰদান কৰা দাবী জনাই সংগঠনটোৱে।

এই দাবী সমূহ বিশ্বনাথ জিলাৰ নিৰ্বাচনী বিষয়াৰ হাতত প্ৰদান কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখনি ষ্মাৰক পত্ৰ প্ৰদান কৰে।

এই কাৰ্যসূচী গ্ৰহন কৰাৰ পূৰ্বে পূৱ ভৰলী মটৰ শ্ৰমিক সন্থাৰ বিষয়ববীয়াই ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ মৃত্যুৰ গভীৰ শোক প্ৰকাক কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।