বিশ্বনাথ আৰক্ষীৰ অভিযানত আটক ১৭জন চোৰাং গৰু ব্যৱসায়ী; উদ্ধাৰ ৬৩ টা গৰু

Biswanath

ফটো: নর্থইষ্ট নাও।

বিশ্বনাথ আৰক্ষীয়ে এক বৃহৎ সফল অভিযান সম্পন্ন কৰিছে। বিশ্বনাথ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে পুৱাৰ ভাগত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সন্মূখত তালাচী চলাই গহপুৰৰ পৰা ৰূপহী অভিমূখে ৰাওনা হোৱা ৮ খন গাড়ী সহ ১৭ জন চোৰাং গৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে গহপুৰৰ বজাৰৰ পৰা ক্ৰয় কৰি ৰূপহী অভিমূখে ৰাওনা হৈছিল এই গৰুৰ চোৰাং ব্যৱসায়ী চক্ৰটো। তেওওঁলোকে অবৈধভাৱে, উপযুক্ত নথি পত্ৰ অবিহনে চোৰাংভাৱে এই গৰু সমুহ সৰবৰাহ কৰিছিল।

উল্লেখ্য যে বহু দিনৰ পৰা এনেদৰে অবৈধভাৱে গৰু সৰবৰাহ হৈ আহিছিল যদিও আৰক্ষীয়ে সঠিক তথ্য অনুসৰি চলোৱা অভিযানত আজি এই চক্ৰক গ্ৰেপ্তাৰ কৰি   পূৰ্ণ পৰ্যায়ত তদন্ত অব্যাহত ৰাখিছে।

ইতিমধ্যে উদ্ধাৰ হোৱা গৰু সমুহক আৰক্ষীয়ে হেলেমৰ ধ্যান ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাৰ গোশালাত চোৱা-চিতা কৰাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিছে।

আৰক্ষীয়ে চোৰাং ব্যৱসায়ী কেইজনৰ বিৰুদ্ধে  FIR No. 33/2021 মৰ্মে R/W Section 11(a) (d) (h) of the prevention of the cruelty to animals act ৰ অধীনত U/S 420/429/511 IPC নম্বৰত গোচৰ ৰুজু কৰি তদন্ত চলাইছে।