বিশ্বনাথ আৰক্ষীৰ জালত আধাৰ কাৰ্ডৰ নামত ভুৱা জন্মৰ প্ৰমাণ পত্ৰ প্ৰদানকাৰী বহিৰাগত যুৱক

fake Adhar card center

বিশ্বনাথৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত আজি বিশ্বনাথ সদৰ আৰক্ষী থানাই আনন্দ কুমাৰ চাউ নামৰ বহিৰ্ৰাজ্যৰ এজন যুৱকক আটক কৰে। আধাৰ কাৰ্ডৰ নামত চাহ বাগিচাৰ সহজ সৰল শ্ৰমিকক বহিৰ্ৰাজ্যৰ যুৱকজনে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দৰাচলতে আছাম টী এমপ্লয়জ প্ৰভিডেন্ট ফাণ্ড অ’ৰ্গেনাইজেশ্যনে  (এ.টি.ই.পি.এফ.অ’) ৰাজ্যৰ বিভিন্ন চাহ বাগিচা কৰ্তৃপক্ষক চাহ বাগিচাৰ শ্ৰমিক সকলৰ আধাৰকাৰ্ড বনোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। সেই মৰ্মে বিশ্বনাথৰ সাকোমঠা চাহ বাগিছাত তেজপুৰস্থিত নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে আধাৰ কেন্দ্ৰ স্থাপন কৰি দেশৰ বিভিন্ন স্থানৰ যুৱকক অপৰেটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে।‌

লগতে পঢ়ক: আৰক্ষীৰ গৃহতে চোৰ! আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতিৰ পাছতো কিদৰে ভাইৰেল হ’ল উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত?

কিন্তু তাৰ মাজতে আজি বিশ্বনাথৰ সাকোমঠা চাহ বাগিচা কৰ্তৃপক্ষই এই আধাৰ কাৰ্ডৰ নামত বাগিচাখনৰ শ্ৰমিকৰ পৰা অত্যাধিক ধন লোৱাৰ লগতে ভুৱা জন্মৰ প্ৰমাণ পত্ৰ দিয়া কৰ্ম কাণ্ডৰ এক ঘটনা পোহৰলৈ আনে।

তেজপুৰৰ নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে আধাৰ কেন্দ্ৰৰ অপাৰেটৰ হিচাপে বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত নিয়োগ কৰা আনন্দ কুমাৰ চাউ নামৰ ৰাঁচীৰ যুৱকজনে আধাৰ কাৰ্ডৰ নামত সহজ সৰল চাহ বাগিচাৰ শ্ৰমিকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল।

দিন হাজিৰা কৰা বাগিচাৰ শ্ৰমিকসকলৰ পৰা এখন আধাৰ কাৰ্ডৰ নামত ১৫০ টকাকৈ সংগ্ৰহ কৰাৰ লগতে আধাৰ কাৰ্ড আপডেট কৰাৰ বাবে ২৫০ টকাকৈ সংগ্ৰহ কৰিছিল। লগতে বাগিচাখনৰ শ্ৰমিকসকলক ভুৱা জন্মৰ প্ৰমান পত্ৰ প্ৰদান কৰিও প্ৰতিখনত ৬০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল।

লগতে পঢ়ক: কোকৰাঝাৰ আদালতে জামিন দিয়াৰ পিছত পুনৰ আন এক গোচৰত আটক জিগনেশ মেৱানীক

ব’হাগ বিহুৰ সময়ছোৱাত আৰম্ভ কৰা বহিৰ্ৰাজ্যৰ যুৱকজনৰ এই কৰ্মকাণ্ডত চাহ বাগিচা কৰ্তৃপক্ষৰ সন্দেহ ওপজাত জিলা প্ৰশাসনক খবৰ দিয়ে। লগে লগে জিলাৰ কাৰ্যবাহী দণ্ডাধীশ কংকনা শইকীয়া উক্ত চাহ বাগিচাত উপস্থিতহৈ নথি পত্ৰ জব্দ কৰাৰ লগতে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে বহিৰ্ৰাজ্যৰ যৱকজনক আটক কৰে আৰু আধাৰ বনোৱা মেচিন সহ আন আন নথি পত্ৰ সমূহ জব্দ কৰে। কিছু সময়ৰ পিছতে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাও ঘটনাস্থলীত আহি উপস্থিত হয়।