বিশ্বনাথ আৰক্ষীৰ সাফল্য; অবৈধ মাৰণাস্ত্ৰসহ চাৰিজনক আটক

বিশ্বনাথ আৰক্ষীয়ে আজি এক গোপন অভিযান চলাই অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই সংক্ৰান্তত এগৰাকী মহিলাসহ মুঠ ৪জন লোকক আটক কৰিছে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ খবৰৰ আধাৰত বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক মোজাফৰ হুছেইনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সন্মুখত বজাত চেক প’ষ্ট বহুৱাই দিনৰ ১ মান এখন মাৰুটি এল্ট’ গাড়ীৰ পৰা উক্ত মাৰণাস্ত্ৰসমূহ জব্দ কৰে।

বিশ্বনাথ আৰক্ষীয়ে জনোৱা অনুসৰি এ এছ ০২ এল ২৩৬৭ নম্বৰৰ এল্ট’ গাড়ীখনৰ ভিতৰত উদ্ধাৰ কৰা মাৰণাস্ত্ৰ সমূহৰ ভিতৰত আছে ২০ জাঁই সক্ৰিয় গুলীসহ এটা ৩০৩ ৰাইফল আৰু এটা চাইলেন্সাৰ। ডবকাৰ পৰা বিশ্বনাথলৈ গঁড় হত্যাকাৰীক যোগানৰ বাবে মাৰণাস্ত্ৰ সমূহ অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই সংক্ৰান্তত আৰক্ষীয়ে আটক কৰা লোক কেইজনক আহমদ আলী, ৰীণা বেগম, ইমৰাণ আলী আৰু হাচান আলী বুলি চিনাক্ত কৰা হৈছে। নগাঁও জিলাৰ ডবকাৰ ধৃত লোক কেইজন একেটা পৰিয়ালৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে আটকাধীন লোক কেইজনক অধিক তথ্যৰ বাবে নিজৰ জিম্মাত ৰাখি তদন্ত চলাই আছে।