NORTHEAST NOW (Assamese)

বিশ্বনাথ আৰক্ষীৰ অভিযানত উদ্ধাৰ চোৰাংচিকাৰত ব্যৱহৃত ৰাবাৰ ব’ট

March 29, 2019 5:24 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ আৰক্ষীৰ পুৰ আন এক বৃহৎ সফলতা। যোৱা ২৭ মাৰ্চত বিশ্বনাথৰ ডি এছ  পি মোজাফৰ হুছেইনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিশ্বনাথৰ বালিপুখুৰীৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল চোৰাং চিকাৰী চান্দ মিঞাক।

আটকাধীন চান্দ মিঞাৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ ডি এছ পি গৰাকীয়ে আজি দিনত অভিযান চলাই জিনজিয়াৰ নিৰলা বস্তিৰ পৰা চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা ৰাবাৰ ব’ট উদ্ধাৰ কৰে। চোৰাংচিকাৰী চান্দ মিঞাই নিজৰ ঘৰৰ খেৰৰ মেজিত লুকোৱাই থৈছিল এই ৰাবাৰ ব’ট ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ক হত্যা কৰাৰ বাবে এই ব’ট ব্যৱহাৰ কৰাৰ উদ্দেশ্যে যে ক্ৰয় কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে আৰক্ষী প্ৰশাসনৰ নেতৃত্বত চলা এই অবিৰত অভিযানৰ ফলত আগন্তুক সময়ত আৰু ন ন তথ্য পোহৰ অহাৰ সম্ভাৱনা আছে।

Related News