জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত আহত বিশ্বনাথৰ শিশু কন্যা বলাৎকাৰী

ফটো: নৰ্থইষ্ট নাও।

বিশ্বনাথত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা বলাৎকাৰীলৈ আৰক্ষীৰ গুলীচালনা কৰাৰ ঘটনা ঘটিছে ৷ নিশা বিশ্বনাথৰ জিনজিয়াত এই ঘটনা ঘটে।

মোনাবাৰীৰ কাঠনীবাৰীঘাটৰ মহিম শৰ্মা নামৰ ৫৬ বছৰীয়া লোকজনে এগৰাকী কনমানি শিশু কন্যাক বলাৎকাৰ কৰিছিল ৷

ইয়াৰ পিছতে গঞাই দেওবাৰে চুলি খুড়াই,, মূখত চূণ লেপি, চেণ্ডেলৰ মালা পিন্ধাই গাঁৱৰ মাজৰে সমদল কৰি আনি আৰক্ষীক চমজাই দিছিল লম্পটটোক।

লগতে পঢ়ক: অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা অৰবিন্দ সিঙৰ আত্মসমৰ্পণ; কাণত ধৰি খুজিলে ক্ষমা

আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মাজনিশা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে লম্পটটোলৈ গুলীচালনা কৰে ৷

এখন ভৰিত গুলী লগা বলাৎকাৰী মহিম শৰ্মাক নিশাই তেজপুৰ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।