NORTHEAST NOW (Assamese)

নিৱনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ বাবে আগবাঢ়ি আহিছে বিশ্বনাথৰ কেইজনমান যুৱক

October 1, 2021 2:09 pm · কাজী জেইদুল ইছলাম,বিশ্বনাথ
Updated: October 1, 2021 2:56 pm

নিৱনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া বাবে আগবাঢ়ি আহিল বিশ্বনাথৰ কেইজনমান যুৱক ।

Defence Force Preparatory Academy নামৰ এখন প্ৰশিক্ষণ প্ৰতিষ্ঠান আজি মুকলি কৰা হয় বিশ্বনাথ চাৰিআলিৰ হাটখোলাত ।

এই প্ৰশিক্ষণ কেন্দ্ৰত যি সকল নিবনুৱা যুৱক যুৱতীৱে চৰকাৰী বিভিন্ন নিযুক্তি তথা সামাৰিক আৰু অৰ্ধ সামাৰিক বাহিনীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে প্ৰৱল ইচ্ছা থাকে সেই সকলক প্ৰয়োজনীয় লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষাৰ বাবে সকলো ধৰণৰ যোগ্যতা সম্পূৰ্ণ কৰি তোলাৰ হেতু প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

বিশেষকৈ আগন্তুক তিনিমহীয়া তথা অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব লগা পাঠ্যক্ৰমৰ জৰিয়তে ভাৰতীয় সেনা বাহিনীৰ বাবে প্ৰয়োজনীয় যোগ্যতা সূচক সকলো দিশৰ পৰা নিজক প্ৰস্তুত কৰি তোলাৰ চেষ্টা চলোৱা হব ।

প্ৰশিক্ষাৰ্থী সকলৰ থকা খোৱাৰ সকলো সুবিধা প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোক্তা সকলে ।
আজি এই প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ চিন্তামণি শৰ্মাই ।
এই প্ৰশিক্ষণ কেন্দ্ৰটো গঢ় লৈ উঠিছে কৰণ ঠাকুৰ, উদ্ধৱ পাটগিৰি , বিৰবল গোৱালাৰ নেতৃত্বত ।

Related News