বিজেপি দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা সেউজ সংকেত পোৱাৰ পিচত আমি অগপৰে মিত্ৰতা ৰক্ষা কৰি আগন্তুক বিধান সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হম ৷
আজি বোকাখাতত থকা অসম গণ পৰিষদ দলৰ বোকাখাত বিধান পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক মত বিনিময় অনুষ্ঠানত আজি অংশগ্ৰহণ কৰি এইদৰে কয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
অনুষ্ঠানত আগন্তুক নিৰ্বাচনত অগপৰে মিত্ৰতা থাকিব বুলি ঘোষণা কৰে সভাপতি গৰাকীয়ে ৷
অসম গণ পৰিষদৰ বোকাখাতৰ কৰ্মী আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে কয় যে আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ মিচন আৰম্ভ হৈছে আৰু এই মিচনক বিজেপি প্লাচ = হান্ড্ৰেড প্লাচ বুলি অভিহিত কৰা হৈছে৷
তেওঁ কয় ‘এই মিচনেৰে অসম গণ পৰিষদৰ লগতে আন দলৰ সৈতে কৰা মিত্ৰতাৰে আমি ২০২১ চনত অসমত চৰকাৰ গঠন কৰিম আৰু কংগ্ৰেছ আৰু এ ইউ ডি এফৰ অপবিত্ৰ মিত্ৰতাক ২২ খন আসনতে সীমিত ৰখাৰ সংকল্প কৰিছো ৷’
অকল বোকাখাতেই নহয় উজনিৰ প্ৰায়বোৰ সমষ্টিতেই বিজেপি সভাপতি ৰঞ্জিত দাসে অগপ দলৰ কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰিব বুলি বোকাখাতত ব্যক্ত কৰে ৷
এআইইউডিএফ আৰু কংগ্ৰেছৰ অপবিত্ৰ মিত্ৰতাৰ কৱলৰ পৰা অসমক ৰক্ষা কৰিবৰ বাবে এই মিত্ৰতা আৰু সংঘবদ্ধ মিচনৰ প্ৰয়োজন আছে বুলিও আজি বোকাখাতত মন্তব্য কৰে ৰঞ্জিত দাসে ৷
অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত আয়োজিত এই মত বিনিময় অনুষ্ঠানত অতুল বৰা আৰু ৰঞ্জিত দাসৰ উপৰি যোৰহাটৰ বিজেপি সাংসদ তপন গগৈ, ৰাজ্য সভাৰ বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাচা, জিলা প্ৰভাৰী কৃষ্ণ মনি চুতীয়া, বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰা , সৰুপথাৰৰ বিশ্বজিত ফুকনৰ লগতে অসম গণ পৰিষদ দলৰ জিলা সভাপতি বিনোদ গোৱলা, বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতা আদি ব্যক্তিসকল উপস্থিত থাকে৷
অগপৰ সভাপতি কৃষি মন্ত্ৰী অতুল বৰাই তেওঁৰ সমষ্টিত অগপৰ কাৰ্যালয়লৈ আহি মিত্ৰতাৰ কথা ঘোষণা কৰাৰ বাবে ৰঞ্জিত দাসক ধন্যবাদ জ্ঞাপন কৰে ৷