NORTHEAST NOW (Assamese)

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

June 19, 2025 4:58 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে অসম প্ৰদেশ বিজেপিৰ নতুন ৰাজ্যিক বিষববীয়াৰ নাম ঘোষণা কৰা হৈছে। উপ-সভাপতি পদত ১০জন আৰুসম্পাদক পদৰ বাবে ১০ জনৰ নাম ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে।  

নতুনকৈ নিযুক্ত উপ সভাপতি কেইজন হৈছে- পুলক গোহাঁই, পৰিমল শুক্লবৈদ্য, তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, অপৰাজিতা ভূঞা, মুন স্বৰ্ণকাৰ, অশোক ভট্টৰায়, জুৰি শৰ্মা বৰদলৈ, মনোজ বৰুৱা, ৰত্না সিং।

সেইদৰে সাধাৰণ সম্পাদক পদত ৪গৰাকীক দায়িত্ব দিয়া হৈছে। তেওঁলোক হৈছে- দীপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, ৰিতুপৰ্ণ বৰুৱা আৰু অনুপ বৰ্মন।

আনাহাতে, সম্পাদক পদত ১০জনক নিৰ্বাচিত কৰা হৈছে । তেওঁলোক হৈছে ক্ৰমে – লক্ষ্য কোঁৱৰ, লক্ষী নাথ তাছা, বিস্মিতা গগৈ, মনালিছা কোচ, অভিজিৎ‍ কুমাৰ নাথ, ৰাতুল শৰ্মা, মহেশ দেউৰী, সিধাংকু অংকুৰ বৰুৱা, নৱাৰুণ বুঢ়াগোহাঁই আৰু  বিতোপন দলে।

ৰাজকুমাৰ শৰ্মাক কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। যুটীয়া কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে নাৰায়ণ ডেকাক।

গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে সুশান্ত বিশ্বাসক। ছ’চিয়েল মিডিয়াৰ ভাৰপ্রাপ্ত দায়িত্ব দিয়া হৈছে বিশ্বজিৎ‍ খাউণ্ডক। ডাঃ মৃগাংক তালুকদাৰক প্ৰদান কৰা হৈছে আই টিৰ ভাৰপ্রাপ্ত দায়িত্ব । 

দলৰ মুখ্য মুখপাত্রৰ দায়িত্ব দিয়া হৈছে কিশোৰ উপাধ্যায়ক। মিডিয়া আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ৰূপম গোস্বামীক। অনিৰ্বাণ গোস্বামীক প্ৰদান কৰা হৈছে কাৰ্যালয়ৰ ভাৰপ্রাপ্ত দায়িত্ব।

Related News