NORTHEAST NOW (Assamese)

দেশৰ অৰ্থনৈতিক মন্দাৱস্হা ঢাকিবলৈ আন বিষয় লৈছে বিজেপিয়ে

August 21, 2019 5:38 pm · শান্তনু শইকীয়া
Updated: August 21, 2019 5:41 pm
বুধবাৰে সংবাদমেলত ৰিপুণ বৰা। ছবি- ইউ বি।

কংগ্ৰেছৰ মতে, ভাৰতৰ “অৰ্থনৈতিক মন্দাৱস্হা” ঢাকিবলৈ শাসক দল বিজেপিয়ে আন বিষয় লৈছে।

বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেলযোগে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই দেশৰ “অৰ্থনৈতিক মন্দাৱস্থা” সম্পৰ্কীয় কিছু তথ্য দাঙি ধৰে।

“যোৱা কেইবছৰ মান ধৰি দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা, লগতে জি ডি পি অভাৱনীয় নিম্নগামী হৈছে। এইবোৰ ঢাকিবলৈ বিজেপিয়ে ৰাম মন্দিৰকে ধৰি অনুচ্ছেদ ৩৭০ আদি বিষয়বোৰ আনিছে,” তেওঁ কয়।

বৰাৰ দাঙি ধৰা তথ্য মতে, চলিত বৰ্ষৰ প্ৰথম তিনি মাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ পূৰ্বৰ বছৰৰ একেচোৱা সময়তকৈ ২০ শতাংশ হ্ৰাস পাইছে।

“যোৱা জানুৱাৰিৰ পৰা মাৰ্চ মাহলৈকে জি ডি পি কমি হ’ল ৫.৮ শতাংশ। কিন্তু অৰ্থনীতিবিদসকলে ৬.৫ শতাংশ হ’ব বুলি আশা কৰিছিল। ইয়াৰ তুলনাত আগৰ বছৰৰ জি ডি পি আছিল ৭.৩ শতাংশ,” বৰাৰ তথ্য।

একে সময়তে কৰ্মসংস্থানৰ ক্ষেত্ৰতো দেশত বিপৰ্য্যয়ৰ আশংকা ব্যক্ত কৰিছে কংগ্ৰেছ নেতাজনে।

“অহা দুই মাহত ১০ লাখ লোকে চাকৰি হেৰুৱাব। ইতিমধ্যে ইয়াৰে ৩ লাখে চাকৰি হেৰুৱালে। পৰৱৰ্তী সময়ত বাকী ৭ লাখে চাকৰি হেৰুৱাব,” তেওঁ কয়।

যোৱা ন মাহত দেশত মুদ্ৰাস্ফীতি ৩.২ শতাংশ বৃদ্ধি পাইছে বুলি মন্তব্য কৰি বৰাই কয় যে মানুহৰ ক্ৰয় সামৰ্থ্য অভাৱনীয় হাৰত হ্ৰাস পাইছে।

“ফলত বৰ্তমান সময়ত গাড়ী-মটৰ কিনা মানুহ অত্যধিকভাৱে হ্ৰাস পাইছে। বিগত চাৰি বছৰৰ তুলনাত এই সময়ত টেক্টৰৰ বিক্ৰী ১৪ শতাংশলৈ কমি আহিছে। যিটো (ৰ যোগেদি) এখন নেতিবাচক ছবি পৰিস্ফূট হৈছে,” বৰাই কয়।

কংগ্ৰেছ নেতাজনে লগতে কয় যে দেশত নতুন বিনিয়োগ দ্ৰুত গতিত হ্ৰাস পাইছে: “যোৱা তিনিমাহত দেশৰ নতুন বিনিয়োগ ৭৯ শতাংশলৈ হ্ৰাস পাইছে।”

বিজেপি চৰকাৰৰ আমোলত দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ ব্যাপক বিপৰ্য্যয়ৰ সন্মুখীন হোৱা বুলিও তেওঁ মন্তব্য কৰে।

“দেশত বৰ্তমান বি এছ এন এল, প’ষ্ট, এল আই চি সকলোবোৰ লোকচানত চলি আছে,” তেওঁ কয়।

তেওঁ দাবী কৰে যে (চৰকাৰে) যিবিলাক নতুন প্ৰকল্প আৰম্ভ কৰিছিল তাৰ ৩০ শতাংশই বৰ্তমান স্তব্ধ হৈ আছে।

Related News